গুৱাহাটী, ১৮ অক্টোবৰ, ২০২৫ : বিশ্ব ৰেংকিঙৰ জুনিয়ৰ মহিলাৰ শীৰ্ষ বাচনিৰ শ্বাটলাৰ ভাৰতৰ তনবি শৰ্মাই গুৱাহাটীত চলি থকা বি ডব্লিউ এফ (BWF) বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ একক শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰি পদক জয় নিশ্চিত কৰিছে৷ আমিনগাঁওস্থিত নেশ্যনেল চেণ্টাৰ অৱ এক্সেলেন্সত চলি থকা প্ৰতিযোগিতাৰ শুকুৰবাৰে অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত ১৬ বছৰীয়া তনবিয়ে তিনিটা ছেটৰ অন্তত জাপানৰ ছাকি মাটছুমোটোক ১৩-১৫, ১৫-৯, ১৫-১০ ৰ ব্যৱধানত পৰাস্ত কৰে৷
উল্লেখ্য যে তনবি প্ৰতিযোগিতাৰ অন্যতম পদক প্ৰত্যাশী যদিও শুকুৰবাৰৰ ঐতিহাসিক সফলতা নিৰ্ণয়ৰ সন্ধিক্ষণত স্বাভাৱিকতে চাপৰ সন্মুখিন হয়৷ যাৰবাবে প্ৰথমটো ছেট জাপানৰ মাটছুমোটোই লাভ কৰে৷ কিন্তু দ্বিতীয় ছেটৰ আৰম্ভণিৰ পৰাই তনবিয়ে সাবধানে খেলি বিপক্ষৰ লগত অগ্ৰগতিৰ দুই-তিনি পইণ্টৰ ব্যৱধান ধৰি ৰাখে আৰু ৪৭ মিনিটৰ যুঁজৰ অন্তত সাফল্যৰ হাঁহি মাৰিবলৈ সমৰ্থ হয়৷ শনিবাৰে হ’বলগা ছেমিফাইনেলত তনবি চীনৰ লি ছি য়াৰ মুখামুখি হ’ব৷
এই বছৰে এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপত ব্ৰঞ্জ লাভ কৰা তনবিয়ে শুকুৰবাৰৰ সফলতাক লৈ কয় ‘মাটছুমোটোৰ বিৰুদ্ধে খেলাটো অলপ কঠিন৷ কাৰণ তেওঁ ধীৰ গতিৰে খেলে৷ সেয়ে মই আক্ৰমণৰ ৰণনীতি লৈছিলো৷ পদক নিশ্চিত কৰি মই সুখী৷ উল্লেখ্য যে তনবিয়ে ১৭ বছৰৰ অধীৰ অপেক্ষাৰ পাছত দেশৰ মহিলা শ্বাটলাৰৰূপে বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টনত পদক জয় কৰাৰ গৌৰৱ লাভ কৰিছে৷ আনহাতে, অপৰ্ণা প’পাট আৰু ছাইনা নেহৱালৰ পাছত ভাৰতৰ তৃতীয় মহিলা শ্বাটলাৰ হিচাপে বিশ্ব জুনিয়ৰত পদক অৰ্জনৰ গৌৰৱো লাভ কৰে৷
অন্তিমবাৰৰ বাবে ২০০৮ ত পুনেত ছাইনা নেহৱালে সোণ তথা ২০০৬ ত ছাইনাই ৰূপ তথা ১৯৯৬ ত অপৰ্ণাই ৰূপ অৰ্জন কৰিছিল৷ ইফালে, তনবিৰ সফলতাৰ বিপৰীতে ভাৰতে শুকুৰবাৰে অন্য তিনিখন কোৱাৰ্টাৰ ফাইনেলত পৰাজয়ৰ সন্মুখিন হয়৷ ভাৰতে নিজৰ দিনটোৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলতে ব্যৰ্থ হৈ হতাশাৰে আৰম্ভণি কৰিছিল৷ মিক্সড ডাবলচৰ মেচত ভাৰতীয় যুটি ভাব্য চহাব্ৰা আৰু বিশাখা চাইনিছ টাইপেৰ বিং ফু হুং আৰু য়ুন আন চুৰ বিৰুদ্ধে ৯-১৫,৭-১৫ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত হৈ প্ৰতিযোগিতাত অভিযান সামৰে৷
ৰেংৰিঙৰ ১৪ নম্বৰ স্থানৰ ভাৰতীয় যুটিটোক মাত্ৰ ১৯ মিনিটৰ খেলতে পৰাস্ত কৰি পদক জয় নিশ্চিত কৰে বাচনি বিহিন চাইনিছ টাইপেৰ যুটিটোৱে৷ ভাৰতৰ হাতাশা কিন্তু ইয়াতে সমাপ্ত হোৱা নাছিল৷ মহিলাৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰতিযোগিতাত চমকপ্ৰদ প্ৰদৰ্শনৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখা উন্নতি হুদাও ব্যৰ্থতাৰ সন্মুখিন হয়৷ দ্বিতীয় বাচনিৰ থাইলেণ্ডৰ শ্বাটলাৰ অনিয়াপাত ফিছিতপ্ৰীচাছকে ১৫-১২,১৫-১৩ ৰ পোনপটিয়া ব্যৱধানত ৰেংকিঙৰ অষ্টম নম্বৰ স্থানৰ উন্নতিক পৰাস্ত কৰি ভাৰতীয় সমৰ্থকৰ আশাত চেচাপানী ঢালি দিয়ে৷ ইফালে, পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলতো চীনৰ তৃতীয় বাচনিৰ য়াং মিং য়ুৰ বিৰুদ্ধে ১৫-১১,১৫-১৩ ৰ পোনপটিয়া ছেটত পৰাস্ত হয় ভাৰতৰ টি জি ডাট্টু তালাছিলা৷