গুৱাহাটী, সংবাদ ৩৬৫, ৪ জুন : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল । সেনা বিষয়া চানা উল্লাহৰ লগত হোৱা অন্যায়ক নিন্দনীয় আখ্যা তৰুণ গগৈৰ । সৈনিক ছানাউল্লাহৰ সন্দৰ্ভত কয় যে বীৰ সৈনিকৰ ক্ষেত্ৰত অসম চৰকাৰে নিৰ্লিপ্ততা অৱলম্বন কৰিছে। তেওঁ এজন ভাৰতীয় নাগৰিক হৈয়ো তেওঁক এনেদৰে অধিকাৰ খৰ্ব কৰাটো অতিকৈ নিন্দনীয়। অসম চৰকাৰ আদালতলৈ গৈ কব লাগিছিল ছানাউল্লাহৰ কথা।

বিদেশী খেদিম বুলি ভোট ল’লে লাখ লাখ। কিন্তু কেইটা বিদেশী খেদিলে? বিদেশীৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিছে। হিন্দুত্বৰ কথা কোৱা বিজেপিয়ে কিয় বেছিভাগ হিন্দু বাঙালীক বিদেশী সজাই ওপৰত অত্যাচাৰ হৈছে। ক্ষমতা পাই হিন্দুৰ ওপৰতহে অত্যাচাৰ চলাই আছে।

এন আৰ চিক লৈ অসমত অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হব । মানৱ অধিকাৰ কিয় নীৰৱ হৈ আছে বুজি নাপাওঁ । নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হলে লাখ লাখ বাংলাদেশী লোকে অসমত সংস্থাপন পাব । এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়লৰ নিৰ্দেশ অৱমাননা কৰিছে ৰাজ্য চৰকাৰে। হাজেলাৰ বিৰুদ্ধেও ব্যৱস্থা ল’ব লাগে এন আৰ চি য়ে সমস্যাৰহে সৃষ্টি কৰিছে। এন আৰ চিৰ কোনো কামেই হোৱা নাই। যদি এখন শুদ্ধ এন আৰ চি কৰিব পাৰে তেন্তে ল’ এণ্ড অৰ্ডাৰৰ পৰিস্থিতি কেনেকৈ হ’ব ? এন আৰ চিয়ে দেশীক বিদেশী কৰিব বিচাৰিছে নেকি? উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মনা নাই চৰকাৰে। নামানিলে হাজেলাকো শাস্তি দিয়াটো মই বিচাৰো । এন আৰ চিক লৈও এনেদৰে সংবাদমেলত প্ৰতিক্ৰিয়া ব্যক্ত কৰে গগৈয়ে।

ইফালে চলোঁ পাল্টাইৰ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় “চলোঁ পাল্টাইৰ ফল আমি ভুগিব লাগিব। মানুহৰ মাজত সজাগতা অহা নাই ইয়াক লৈ। অসমীয়া ভাষাৰ প্ৰচাৰ চলাব লাগিব। কেব খন আনি বঙালীৰ সংখ্যা বঢ়োৱাহে হ’ব। অসমত অসমীয়াত্ব থাকিব লাগিব। ভাৰতত ৰাজ্য গঠন হৈছিল ভাষাৰ ভিত্তিত, ধৰ্মৰ ভিত্তিত নহয়। চলোঁ পাল্টাইক দোষ দিলে নহ’ব,ইয়াৰ বাবে দায়ী সৰ্বানন্দ, হিমন্ত।

ইয়াৰোপৰি নতুন শিক্ষা নীতিক লৈও প্ৰতিক্ৰিয়া তৰুণ গগৈৰ । নতুন শিক্ষা পদ্ধতি কৰক, কিন্তু তাৰ কাৰণে বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত হ’ব লাগিব। শিক্ষকক নতুনকৈ প্ৰশিক্ষণ দিব লাগিব। শিক্ষকক নিযুক্তিয়েই দিব পৰা নাই।”