গুৱাহাটী
২১ জুলাই
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। কেৱল গামোচাখন ডিঙিত ওলোমাই ঘৰিয়ালৰ চকুপানী টুকিলেই অসমীয়া মানুহৰ সমস্যা সমাধান হৈ নাযায় বুলি মন্তব্য প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীক আক্ৰমণ তৰুণ গগৈৰ।
সম্প্ৰতি প্ৰলয়ংকাৰী বান, খহনীয়া, ক’ভিড-১৯, জাপানীজ এনকেফ্লাইটিছৰ কবলত পৰি অসমবাসী ৰাইজে যি চৰম দুৰ্যোগৰ সন্মুখীন হৈছে ইয়াৰ বাবে প্ৰধানত দায়ী হৈছে কেন্দ্র আৰু ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সময়ত উপযুক্ত পদক্ষেপ গ্রহণ নকৰাটো বুলি মন্তব্য কৰিছে প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। মাথো বান আৰু গৰাখহনীয়াতে ৰাজ্যখনৰ প্ৰায় ৫০ লক্ষ মানুহ ক্ষতিগ্রস্ত হৈ চৰম আলৈ আথানিৰ ভুক্তভোগী হৈছে। ৰাজ্যবাসীৰ এই চুড়ান্ত দুৰ্যোগৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰী গৰাকী অসমবাসীৰ দোষৰ বুজ ল’বলৈ আৰু সমভাগী হ’বলৈ এই মুহূর্তত অসমলৈ অহাটো বিচাৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। এনে বিপদৰ সময়তে অসমলৈ প্ৰধানমন্ত্ৰী যদি নাহে তেন্তে কেতিয়া আহিব বুলিও প্ৰশ্ন উত্থাপন কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰি কয় যে, কেৱল গামোচাখন ডিঙিত ওলোমাই ঘৰিয়ালৰ চকুপানী টুকিলেই অসমীয়া মানুহৰ সমস্যা সমাধান হৈ নাযায়। মাথো গামোচাখন ডিঙিত মেৰিয়ালেই অসমীয়া মানুহ সন্তুষ্ট হৈ থাকিব বুলি যদি প্ৰধানমন্ত্ৰীয়ে ভাবিছে তেন্তে সেইয়া তেওঁৰ ভুল আৰু এনেধৰণৰ কাৰ্যই প্ৰমাণ কৰে যে অসমবাসীৰ প্ৰতি প্ৰকৃতাৰ্থত প্ৰধানমন্ত্ৰী গৰাকীৰ সহানুভূতি নাই।
ইফালে সোমবাৰে এ পি ডাব্লিউৰ অভিজিৎ শৰ্মাই ক’ভিড-১৯ৰ লগত সংগতি ৰাখি যেনেধৰণৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে আৰু ইয়াৰ লগতে স্পষ্টকৈ কেইখনমান ফাৰ্মৰ বিৰুদ্ধেও প্ৰত্যক্ষভাৱে অভিযোগৰ আঙুলি টোৱাইছে সেইবিলাকৰ বিৰুদ্ধে মুখ্যমন্ত্রীয়ে উচিত তদন্তৰ ব্যৱস্থা গ্রহণ কৰক বুলিও মুখ্যমন্ত্ৰীক দাবী জনাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, অভিজিৎ শৰ্মাই কোৱা অনুসৰি দুবাৰকৈ এই বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্রী সোণোৱালক অভিজিৎ শৰ্মাই প্ৰত্ৰ প্ৰেৰণ কৰিছে কিন্তু মুখ্যমন্ত্রীয়ে এই ক্ষেত্ৰত কোনো গুৰুত্ব প্রদান কৰা নাই। সেয়েহে মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালক প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আহ্বান জনাইছে যে যদি প্ৰকৃতাৰ্থত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল শূন্য সহনশীল নীতিৰ ওপৰত বিশ্বাস কৰে তেন্তে সমগ্র বিষয়টোৰ ওপৰত এক তদন্তৰ ব্যৱস্থা কৰক।