ধেমাজি, ২৫ নৱেম্বৰ:   লণ্ডণত টেমছ নদীৰ প্লাষ্টিকৰ বিৰুদ্ধে অভিযান চলাইছে ধেমাজিৰ ধ্ৰুৱ বৰুৱাই৷ নিজৰ প্ৰচেষ্টাত বাঁহেৰে তৈয়াৰ কৰি লোৱা চাইকেল এখনে টেমছৰ বুকুত জমা হোৱা প্লাষ্টিকৰ আৱৰ্জনা চফা কৰাৰ লগতে প্লাষ্টিক ৰোধৰ চেষ্টা অব্যাহত ৰাখিছে ধ্ৰুৱ বৰুৱাই। যাৰ বাবে বিবিচি নিউজৰ দৰে সংবাদ মাধ্যমেও স্বীকৃতি প্ৰদান কৰিছে ধ্ৰুৱ বৰুৱাক। অধিবক্তা ফটিক বৰুৱাৰ পুত্ৰ ধ্ৰুৱজ্যোতি বৰুৱাই লণ্ডনৰ টেমছ নদীক প্ৰদূষিত কৰা প্লাষ্টিক সামগ্ৰী নিষ্কাষনৰ বাবে নিজে উদ্ভাৱন কৰি লোৱা ফ্লৰ্টিং বাইচাইকেলৰ দ্বাৰা কৰি থকা কাৰ্যত আৰ্কষিত হৈ  বিবিচিয়ে প্ৰস্তুত কৰিছে তথ্যচিত্ৰ ৷ ইয়াৰ উপৰিও লণ্ডন লাইভ নামৰ চেনেলতো উচ্চ প্ৰশংসাৰে বাতৰি পৰিবেশিত হৈছে অসম সন্তান ধ্ৰুৱজ্যোতি বৰুৱাৰ কৰ্মৰাজী সাহস, মেধা আৰু উদ্যমতাৰ সমাহাৰেৰে এইজন যুৱকে লাভ কৰে প্ৰতিষ্ঠাৰ প্ৰেৰনাদায়ক কাহিনী৷ ধেমাজিৰ এজন মধ্যবিত্ত অধিবক্তাৰ পুত্ৰই নিজৰ অধ্যৱসায় আৰু যুঁজাৰু মনোবৃত্তিয়ে লুইতৰ পাৰৰ এখন অনুন্নত অঞ্চলৰ পৰা গৈ টেমছ নৈৰ পাৰত নিজৰ দক্ষতাৰে ব্যতিক্ৰমী উদ্ভাৱনেৰে লণ্ডনবাসীৰ দৃষ্টি আৰ্কষন কৰাৰ কাৰ্যত আনন্দৰ বন্যা বৈছে ধেমাজিৰ নিজ গৃহত৷ শৈশৱৰে পৰা মেধা আৰু সততে উদ্ভাৱনী চিন্তাচৰ্চাৰ প্ৰতি আকৰ্ষিত পুত্ৰৰ এই সফলতাত গৌৰৱ অনুভৱ কৰিছে পিতৃ ফটিক চন্দ্ৰ বৰুৱাই৷ অহা বছৰটোত ধ্ৰুৱজ্যোতি বৰুৱাই প্ৰদূষন নিয়ন্ত্ৰণৰ বাবে লণ্ডনৰ বিভিন্ন স্থানত কেম্পেইন চলাব৷ লণ্ডন চহৰখন পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে আহ্বান জনাই ধ্ৰুৱজ্যোতি বৰুৱাই চলাব এই কেম্পেইন৷