গুৱাহাটী, ২৩ নৱেম্বৰ, ২০২৫ : ভাৰতৰ জেনচি দিপকভাই কানবাৰে বৃহৎ অঘটন ঘটাই গুৱাহাটীত অনুষ্ঠিত এছবিআই-আইটিএফ জুনিয়ৰ জে ৬০ আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাত (Tennis Championship) ছোৱালীৰ একক শাখাৰ খিতাপ দখল কৰিছে৷ ইফালে, শনিবাৰে সামৰণি পৰা প্ৰতিযোগিতাখনৰ ল’ৰাৰ একক শাখাৰ খিতাপ ভাৰতৰ আৰাধ্যা ক্ষিতিজে লাভ কৰি দ্বিমুকুট অৰ্জন কৰিবলৈ সক্ষম হয়৷

গুৱাহাটীৰ চচলস্থিত অসম টেনিছ সন্থাৰ প্ৰকল্পত অনুষ্ঠিত প্ৰতিযোগিতাৰ শনিবাৰে অন্তিম দিনা চমক সৃষ্টিৰে ছোৱালীৰ একক শাখাৰ ফাইনেলত বাচনি বিহীন ভাৰতৰ জেনচিয়ে শীৰ্ষ বাচনিৰ কাজাখস্তানৰ আলবিনা কাকেনোভাক ৬-৪, ৬-৪ ৰ পোনপটিয়া ছেটত পৰাস্ত কৰে৷ স্মৰ্তব্য যে ছেমিফাইনেলতো জেনচিয়ে অঘটন ঘটাই কাজাখস্তানৰে দ্বিতীয় বাচনিৰ সাতীমা টৰেগেনক পৰাস্ত কৰি খিতাপৰ যুঁজলৈ অগ্ৰসৰ হৈছিল৷

ইফালে, সৰ্বভাৰতীয় টেনিছ সন্থা (আইটা) আৰু আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচন (আইটিএফ) ৰ সহযোগত সদৌ অসম টেনিছ সন্থাই আয়োজন কৰা ১৮ বছৰ অনূধ্বৰ্ৰ আন্তৰ্জাতিক প্ৰতিযোগিতাখনৰ ল’ৰাৰ একক শাখাৰ ফাইনেল দুই ভাৰতীয়ৰ মাজত অনুষ্ঠিত হয়৷ শীৰ্ষ বাচনিৰ আৰাধ্যা ক্ষিতিজে ৬-২, ৭-৬ ৰ পোনপটিয়া ছেটত দ্বিতীয় স্থানৰ প্ৰনীল শৰ্মাক পৰাস্ত কৰে৷ উল্লেখ্য যে ক্ষিতিজে ল’ৰাৰ ডাবলছ খিতাপো লাভ কৰিছিল৷ প্ৰতিযোগিতাৰ অন্তত অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই বঁটা বিতৰণ কৰে৷