গুৱাহাটী, ১২ নৱেম্বৰ, ২০২৪ : গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত চলি থকা আই টি এফ (ITF) মাষ্টাৰ্ছ-২০০ প্ৰতিযোগিতাৰ মঙলবাৰৰ খেলত দুটাকৈ অঘটন ঘটে৷ পুৰুষৰ ৪৫ বছৰ উধ্বৰ্ৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেল ৰাউণ্ডত বাচনিবিহীন ৰোনাল্ড চেনে ২-৬, ৬-০, ৬-১ ৰ ব্যৱধানত তৃতীয় স্থানৰ খেলুৱৈ ৰাজীৱ বৰাক পৰাস্ত কৰাৰ বিপৰীতে আন এজন বাচনিবিহীন খেলুৱৈ দেৱাশীষ নন্দীয়ে চতুৰ্থ স্থানৰ শ্বাহনাৱাজ জফৰক ৭-৫, ০-৬, ৬-৩ ৰ ব্যৱধানত পৰাস্ত কৰে৷ এই শাখাৰে আন এখন মেচত দিলীপ মোহান্তীয়ে জয়লাভ কৰে৷
ইফালে, পুৰুষৰ ৩৫ বছৰ উধ্বৰ্ৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেল ৰাউণ্ডত প্ৰসূৰ্য বৰাই জয়লাভ কৰাৰ বিপৰীতে ৱাকঅভাৰ লাভ কৰে বিকী দেৱবাৰ্মা আৰু অনুজ প্ৰতীম শৰ্মাই৷ আনহাতে, পুৰুষৰ ৫৫ বছৰ উধ্বৰ্ৰ একক শাখাৰ খেলত অম্লানদ্বীপ দাস, এছ এন বশিষ্ঠ আৰু শিবু মেথিউই পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হয়। আনফালে, ডাবলছ শাখাৰ পুৰুষৰ ৩৫ বছৰ উধ্বৰ্ৰ খেলত প্ৰাসূৰ্য বৰা আৰু সম্ৰাট মহন্তৰ লগতে শলিন চৌধুৰী আৰু অনুজ প্ৰতিম শৰ্মাই জয়লাভ কৰাৰ বিপৰীতে পুৰুষৰ ৪৫ বছৰ উধ্বৰ্ৰ ডাবলছৰ খেলত ৰাজীৱ বৰা আৰু ৰাজীৱ দত্ত যুটিয়ে অগ্ৰগতি লাভ কৰে৷
পুৰুষৰ ৫৫ বছৰ উধ্বৰ্ৰ ডাবলছৰ ছেমিফাইনেলত ৰনদ্বীপ বৰুৱা আৰু হাকিম আলী যুটিয়ে জয়লাভ কৰিছে৷ মহিলাৰ ৩৫ বছৰ উধ্বৰ্ৰ একক শাখাত ৰাণী কৌড়ে, ৪৫ বছৰ উধ্বৰ্ত নাজনীন ৰহমান আৰু সঞ্চিতা শৰ্মাই নিজৰ নিজৰ মেচত জয়লাভ কৰে৷ আনহাতে, মিক্সড ডাবলছত ৩৫ বছৰ উধ্বৰ্ৰ খেলত ৰাণী কৌড় আৰু প্ৰাসূৰ্য বৰা যুটিয়ে তথা ৪৫ বছৰ উধ্বৰ্ৰ খেলত নাজনীন ৰহমান আৰু দিলীপ মোহান্তীয়ে অগ্ৰগতি লাভ কৰিছে৷ উল্লেখ্য যে সৰ্বভাৰতীয় টেনিছ ফেডাৰেছনৰ সহায়ত অসম টেনিছ সন্থাই আয়োজন কৰা তথা আন্তৰ্জাতিক টেনিছ ফেডাৰেছনৰ স্বীকৃতি লাভ কৰা বিশ্ব ৰেংকিং প্ৰতিযোগিতাখনত পুৰুষ আৰু মহিলাসহ মুঠ ১০৫ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে৷
উল্লেখ্য যে সদৌ অসম টেনিছ সন্থাই সৰ্বভাৰতীয় টেনিছ ফেডাৰেছনৰ সহযোগত যোৱা চাৰি বছৰ ধৰি চচলত আই টি এফ মাষ্টাৰ্ছ-২০০ প্ৰতিযোগিতাখন আয়োজন কৰি আহিছে৷ অহা ১৫ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনৰ ডাবলছ আৰু মিক্সডৰ ফাইনেল ১৪ নৱেম্বৰত হ’ব৷ ইফালে, এই প্ৰতিযোগিতা সমাপ্ত হোৱাৰ পাছতে অহা ১৮-২৩ নৱেম্বৰলৈ চচলত অনুষ্ঠিত হ’ব ১৮ বছৰ অনূধ্বৰ্ৰ ল’ৰা আৰু ছোৱালীৰ আই টি এফ জুনিয়ৰ (জে-৬০) প্ৰতিযোগিতা৷
একক, ডাবলছ আৰু মিক্সড ডাবলছ শাখাৰ খেল অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনৰ মূল ৰাউণ্ডৰ পূৰ্বে কোৱালিফায়িং ৰাউণ্ডৰ মেচ ১৬-১৭ নৱেম্বৰত অনুষ্ঠিত হ’ব৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ নিশ্চিত কৰিছে ভাৰতসহ ১৮ খন দেশে৷ দেশ কেইখন হ’ল, চীন, আমেৰিকা, শ্ৰীলংকা, আৰ্মেনিয়া, জাপান, হংকং, হাংগেৰী, ছিংগাপুৰ, ছুইজাৰলেণ্ড, থাইলেণ্ড, কোৰিয়া, লাক্সেমবাৰ্গ, নেদাৰলেণ্ড, অষ্ট্ৰেলিয়া, কাজাখস্তান, ইংলণ্ড আৰু কানাডা৷