গুৱাহাটী, ২০ নৱেম্বৰ, ২০২৪ : গুৱাহাটীত চলি থকা বিশ্ব ৰেংকিঙৰ আই টি এফ (ITF) জুনিয়ৰ (জে-৬০) আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাত অসমৰ পাৰ্থিৱ কলিতা আৰু ৰিয়ান কাশ্যপ যুটিৰ অভিযান সমাপ্ত হৈছে৷ আজি হোৱা ল’ৰাৰ ডাবলছ শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ যুটিটোক দেশৰে আদিত্য মোড় আৰু অজুৰ্ন ৰাথিয়ে ৬-৩, ৬-৩ ৰ পোনপটীয়া ছেটত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে৷
এতিয়া অসমৰ আশা কেবল ছোৱালীৰ ডাবলছ শাখাত খেলা শ্বেৰী শৰ্মা আৰু স্নিগ্ধা পাতিবন্দলাৰ ওপৰতে আছে৷ উল্লেখ্য যে শ্বেৰী আৰু স্নিগ্ধা যুটিয়ে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত দেশৰে ৰিত অৰোৰা আৰু ছানভি ৰেড্ডীক ৬-৪, ৭-৫ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰি ইতিমধ্যে অন্তিম আঠত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে৷ আজি নিশা কোৱাৰ্টাৰ ফাইনেল মেচ অনুষ্ঠিত হ’ব৷
ইফালে, সদৌ অসম টেনিছ সন্থাই সৰ্বভাৰতীয় টেনিছ সংন্থাৰ সহযোগত আয়োজন কৰা ১৮ বছৰ অনূধ্বৰ্ৰ ল’ৰা-ছোৱালীৰ আন্তৰ্জাতিক প্ৰতিযোগিতাখনৰ একক শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেল মেচসমুহ আজি অনুষ্ঠিত হয়৷ গুৱাহাটীৰ চচলস্থিত টেনিছ প্ৰকল্পত অনুষ্ঠিত ল’ৰাৰ খেলত মনিপুৰৰ চতুৰ্থ বাছনিৰ শংকৰ হেইছনামে নেপালৰ আৰাভ সম্ৰাটক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে৷ আনহাতে, আমেৰিকাৰ ইজিয়ান আহমেদেও প্ৰি-কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰিছে৷
কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰা অন্য খেলুৱৈসকল হ’ল, সাহাজ সিং পাৱাৰ, অৰ্জুন ৰাথী, ওজাছ মেহলাৱট, প্ৰানীল শৰ্মা, কে মহালিংগম আকিলেণ্ডেশ্বৰী আৰু ওম পেটেল৷ ইফালে, বিশ্ব টেনিছ সংঘৰ স্বীকৃত প্ৰতিযোগিতাখনত ছোৱালীৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতৰ ঐশ্বৰ্য যাদৱ, মাহিকা খান্না, অপৰা খান্দৰে, কাশৱী সুনীল, ঋষিতা ৰেড্ডী, শৈৱী গৌৰৱ দলাল, স্নিগ্ধা কান্ত আৰু আমেৰিকাৰ প্ৰিয়ংকা ৰাণা৷