নিউজ ডেস্ক, সংবাদ ৩৬৫, ১১ ছেপ্টেম্বৰ : জম্মু-কাশ্মীৰৰ চুপুৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত লষ্কৰ ই তৈবাৰৰ কেডাৰ আছিফ । বুধবাৰে পুৱা সংঘটিত হয় এই ঘটনা । ইতিমধ্যে আৰক্ষীয়ে সদৰি কৰিছে এই কথা।

বুধবাৰে পুৱাৰে পৰা নিৰাপত্তাৰক্ষীয়ে অঞ্চলটোত চলাইছিল অভিযান। উল্লেখ্য যে, কিছুদিন পূৰ্বে জম্মু-কাশ্মীৰৰ চুপুৰৰ এজন ফল ব্যৱসায়ীৰ ঘৰত আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে। সন্ত্ৰাসবাদীৰ এই আক্ৰমণত এটি আঢ়ৈ বছৰীয়া শিশুসহ ৪ জন লোকৰ প্ৰাণ গৈছিল। এই আক্ৰমণৰ সৈতে জড়িত আছিল আছিফ।

ইয়াৰোপৰি যিকোনো সময়তে সন্ত্ৰাসবাদীয়ে দেশত কূটাঘাত সংঘটিত কৰাৰ বাতৰি চোৰাংচোৱাৰ সংস্থাই প্ৰশাসনক দিয়াৰ সময়তে নিৰাপত্তাৰক্ষীয়ে জম্মু-কাশ্মীৰৰ চুপুৰ জিলাৰ পৰা সোমবাৰে গ্ৰেপ্তাৰ কৰে ৮ জনকৈ সন্ত্ৰাসবাদী ।

গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদী কেইজন ক্ৰমে তৌচিক নজৰ, ইমতিয়াজ নজৰ,এজাজ মীৰ, ওমৰ মীৰ, ওমৰ আকবৰ, সৌকত অহমদ মীৰ,
ফৈজান লতীফ,দানিশ হবীব । এই সন্ত্ৰাসবাদী কেইজনো উক্ত ঘটনাৰ সৈতে জড়িত আছিল ।