তেজপুৰ, ৩০ নবেম্বৰ, সংবাদ ৩৬৫, ২০১৯ : তেজপুৰৰ এখন চক’লেট কাফে । নাম দ্যা চক’লেট ৰুম । এই চক’লেট কাফেখনত গ্ৰাহকে বিভিন্ন ধৰণৰ চক’লেটৰ খাদ্য সম্ভাৰৰ লগতে এক নতুন ‘লাইভ কিৎচ্চেন’ ধাৰণাৰ লগত পৰিচয় হ’ব।

উত্তৰ-পূৰ্বাঞ্চলৰ শিলচৰৰ পিছতে এইখন দ্বিতীয়খন চকলেট কাফে আৰু ভাৰতৰ ভিতৰত ৩১৮ সংখ্যক।

কাফেখনৰ গৰাকীয়ে জানিবলৈ দিয়ে যে কাফেখনৰ লাভাংশৰ এটা অংশ বিভিন্ন সামাজিক কৰ্মৰ বাবে ব্যৱহাৰ কৰিব আৰু অতি কমেও এজন আৰ্থিক ভাবে দুৰ্বল মেধাৱী ছাত্ৰ বা ছাত্ৰীক উচ্চতৰ মাধ্যমিক বা স্নাতকৰ শৈক্ষিক জলপানিৰ ব্যৱস্থা কৰিব।

কাফেখনৰ মুখ্য সহ-গৰাকী ৰাজশ্ৰী গোস্বামীয়ে কয় ” আমাৰ পাৰম্পৰিক চক’লেটতকৈ বেলেগ চকলেটেৰে তেজপুৰ চহৰখনত চক’লেট ৰ এক নতুন সংস্কৃতি গঢ়ি তুলিব খুজিছো। আমি ব্যৱহাৰ কৰা সকলো সামগ্ৰী ৯৮ শতাংশই পৰিৱেশ অনূকুল।”

এইখিনিতে উল্লেখ কৰিব পাৰি যে ২০০৭ চনৰ পৰাই দ্যা চক’লেট ৰুমৰ আৰম্ভণি হৈছিল আৰু বৰ্তমান সমগ্ৰ বিশ্বৰ মুঠ ১১ খন দেশ, ২০ খনতকৈও অধিক ৰাজ্য, ৫০ খনতকৈও অধিক চহৰত আৰু ২৯০ খনতকৈও অধিক চক’লেট কেফে আছে।