গোৱালপাৰা : ব্ৰহ্মপুত্ৰ নদীত পুনৰ এক দুর্ঘটনা সংঘটিত হৈছে। এইবাৰ গোৱালপাৰা জিলাত ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন হৈছে তিনি কিশোৰ। গোৱালপাৰা চহৰৰ কাছাৰিঘাটত ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ তিনি কিশোৰ নদীৰ বুকুত সন্ধানহীন হৈ পৰে।

বুধবাৰে দুপৰীয়াৰ ভাগত লগৰীয়াৰ সৈতে ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰ নদীত বুকুত সন্ধানহীন হৈ পৰা তিনি কিশোৰক উদ্ধাৰ কৰাৰ বাবে এছ ডি আৰ এফ বাহিনীয়ে অভিযান চলায়। কিশোৰ তিনিজন সন্ধানহীন হোৱা ঠাইত এদিন পূৰ্বে এজন যুৱকে আত্মহত্যা কৰিছিল বুলি জানিব পৰা গৈছে।

উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ কিশোৰ তিনিজন লগৰীয়ৰ সৈতে ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈছিল। কিশোৰ তিনিজনৰ ঘৰ গোৱালপাৰা চহৰৰ বৰপাহাৰত বুলি জানিব পৰা গৈছে। ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন হোৱা কিশোৰ তিনিজন ক্ৰমে মুক্তাৰ আলী, ছাইনুৰ ইছলাম আৰু নবীৰ হুচেইন।

কিশোৰ তিনিজনৰ লগত চাইকেল ৰখীয়া হিচাপে আহ অন্য এজন কিশোৰে তিনি কিশোৰ ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন হোৱা বুলি জানিবলৈ দিয়ে।এছডিআৰএফ আৰু পঞ্চৰত্ন নদী আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাই আছে যদিও বৰ্তমানলৈকে উদ্ধাৰ কৰিব পৰা নাই এজনো কিশোৰক।