আজিজ আলী

মুকালমুৱা : মুকালমুৱা আৰক্ষীৰ জুৱাখেলৰ বিৰুদ্ধে অভিযান। জালত পৰিল তিনিজনকৈ জুৱাৰী। নৈৰ পাৰত, মৰাপাটৰ খেতিৰ মাজত চলিছিল জুৱা খেল। জব্দ ৬ খনকৈ দুচকীয়া বাহনৰ লগতে এখন চাৰিচকীয়া বাহন।

নলবাৰী জিলাৰ মুকালমুৱাত এইবাৰ জুৱাৰ বিৰুদ্ধে ওলাই আহিল আৰক্ষী। মুকালমুৱাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা মৰাপাটৰ খেতিৰ মাজত কেইজনমান জুৱাৰীয়ে জুৱা খেলি থকা অৱস্থাত আৰক্ষী উপস্থিত হৈ তিনিজনকৈ জুৱাৰীক আটক কৰে।

এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে ব্ৰহ্মপুত্ৰ নৈৰ পাৰত মৰাপাটৰ খেতিৰ মাজত জুৱা খেল চলি থকা স্থানত অভিযান চলায়। আৰক্ষীৰ উপস্থিত হোৱাৰ লগে লগে জুৱাৰী সকল পলায়ন কৰে যদিও আৰক্ষীয়ে খেদি খেদি তিনিজক আটক কৰিবলৈ সক্ষম হয়।

আটকধীন জুৱাৰী কেইজন হৈছে ক্ৰমে কবিৰ ৰহমান, খৰছেদ আলী আৰু ছাদ্দাম আলী। আৰক্ষীয়ে অভিযানত তিনিজন জুৱাৰীক আটক কৰাৰ লগতে জুৱা খেল চলি থকা স্থানৰ পৰা ছয়খনকৈ দুচকীয়া বাহন জব্দ কৰে।

ব্ৰহ্মপুত্ৰ নদীৰ পাৰত খৰছেদ অলী নামৰ এজন লোকৰ ঘৰৰ পিছফালে থকা মৰাপাটৰ খেতিৰ মাজত দীৰ্ঘদিন ধৰি জুৱাখেল চলি আছিল বুলি জানিব পৰা গৈছে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এখন আই১০ চাৰিচকীয়া বাহনো জব্দ কৰিছে।