বঙাইগাঁও, ৪ নৱেম্বৰ, ২০২৩ : বিস্কুট, চিপছ আৰু নুডলছৰ পেকেটত গাঞ্জা। আৰক্ষীৰ অভিযানত বিস্কুট, চিপছ আৰু নুডলছৰ পেকেটৰ পৰা উদ্ধাৰ বুজন পৰিমাণৰ গাঞ্জা। আটক তিনি গৰাকী গাঞ্জা সৰবৰাহকাৰী (Ganja Smuggling) মহিলা। মহিলা তিনি গৰাকীৰ লগত আছে পাঁচটিকৈ শিশু। অধিক তথ্যৰ বাবে আৰক্ষীয়ে মহিলা তিনি গৰাকীক জেৰা অব্যাহত ৰাখিছে। আটকাধীন মহিলা তিনি গৰাকী বিহাৰৰ বুলি জানিব পৰা গৈছে।
ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ ধাৰাবাহিক সাফল্যৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহৰ কৌশল সলনি কৰি ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে। আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই পুনৰ বুজন পৰিমাণৰ গাঞ্জাসহ তিনি গৰাকী মহিলা গাঞ্জা সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিল।
নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে জেহাদ ঘোষণা কৰি এটাৰ পিছত আনটো সাফল্য লাভ কৰি আছে যদিও নিচাযুক্ত সামগ্ৰীৰ বেহা আৰু সৰবৰাহৰ লগত জড়িত লোক সকলো আৰক্ষীৰ চকুত ধূলি দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে। বাবে বাবে নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহৰ কৌশল সলনি কৰিছে নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী সকলে। এইবাৰ এক নতুন কৌশল অৱলম্বন কৰি বিস্কুট, চিপছ আৰু নুডলছৰ পেকেটত গাঞ্জা ভৰাই সৰবৰাহৰ চেষ্টা গাঞ্জা সৰবৰাহকাৰীৰ।
নতুন কৌশল অৱলম্বন কৰিও সাফল্য লাভ কৰিব নোৱাৰিলে গাঞ্জা সৰবৰাহকাৰীয়ে। এইবাৰ ৰে’ল আৰক্ষীৰ হাতত ধৰা পৰিল এই নতুন কৌশল অৱলম্বন কৰা তিনি গৰাকী মহিলা গাঞ্জা সৰবৰাহকাৰী। নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষীয়ে অভিযান চলাই বিস্কুট, চিপছ আৰু নুডলছৰ পেকেটত গাঞ্জা লুকুৱাই অনা তিনি গৰাকী মহিলাক আটক কৰিছে। ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছত অভিযান চলাই এই সাফল্য লাভ কৰে ৰে’ল আৰক্ষীয়ে। অভিযানকালত বিস্কুট, চিপছ আৰু নুডলছৰ পেকেটৰ পৰা প্ৰায় ২০ কেজি গাঞ্জা জব্দ কৰে অভিযানকাৰী ৰে’ল আৰক্ষীৰ দলটোৱে।
এক গোপন খবৰৰ ভিত্তিত ৰেল আৰক্ষীয়ে ১৪৬১৯ নং ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছত অভিযান চলাই বিস্কুট, চিপছ আৰু নুডলছৰ পেকেটত গাঞ্জা লুকুৱাই অনা বিহাৰৰ তিনি গৰাকী মহিলা গাঞ্জা সৰবৰাহকাৰীক আটক কৰে। ত্ৰিপুৰাৰ আগৰতলাৰ পৰা গাঞ্জাখিনি বিহাৰলৈ নিয়াৰ চেষ্টা আছিল মহিলা তিনি গৰাকীৰ। মহিলা গাঞ্জা সৰবৰাহকাৰী তিনি গৰাকীৰ লগত পাঁচটি শিশু থকা বুলিও জানিব পৰা গৈছে। ৰে’ল আৰক্ষীয়ে মহিলা তিনি গৰাকীক অধিক তথ্যৰ বাবে জেৰা চলাই থকা বুলিও জানিব পৰা গৈছে।