গোৱালপাৰা : ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন হৈ থকা তিনি কিশোৰৰ মৃতদেহ উদ্ধাৰ। এনডিআৰএফ আৰু এছডিআৰএফৰ অভিযানত উদ্ধাৰ কিশোৰ তিনিজনক মৃতদেহ। নবী হুছেইন নামৰ কিশোৰ গৰাকীৰ মৃতদেহ প্ৰথমে দুপৰীয়াৰ ভাগত উদ্ধাৰ হোৱাৰ পিছত মুক্তাৰ হুছেইন আৰু শ্বাহানুৰ ইছলামৰ মৃতদেহ উদ্ধাৰ হয়।
বুধবাৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অভিযান চলাই বৃহস্পতিবাৰে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীৰ দলে ব্ৰহ্মপুত্ৰ নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰে ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন হৈ থকা তিনি কিশোৰৰ মৃতদেহ। দুপৰীয়া ভাগত প্ৰথমে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীৰ দলে নবী হুছেইন নামৰ কিশোৰজনৰ মৃতদেহ ব্ৰহ্মপুত্ৰ নদীত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
নবী হুছেইনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত অন্য দুজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰৰ বাবে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে অভিযান চলাই থকাৰ মাজতে ধুমুহা-বৰষুণ অহাৰ বাবে উদ্ধাৰ অভিযান বন্ধ কৰিবলৈ বাধ্য হয় এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে। ধুমুহা-বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীত সৃষ্টি হোৱা ঢৌত মুক্তাৰ হুছেইন আৰু শ্বাহানুৰ ইছলামৰ মৃতদেহ ওপঙি উঠে।
উল্লেখ্য যে বুধবাৰে গোৱালপাৰা চহৰৰ কাছাৰীঘাটত গা ধুবলৈ গৈ তিনিজনকৈ কিশোৰ ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈ পৰিছিল। উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ গোৱালপাৰাৰ বৰ পাহাৰৰ নবী হুছেইন, মুক্তাৰ হুছেইন আৰু শ্বাহানুৰ ইছলাম নামৰ তিনিজন কিশোৰ লগৰীয়ৰ সৈতে ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈছিল। ব্ৰহ্মপুত্ৰ নদীত এইদৰে গা ধুবলৈ গৈ তিনিজনকৈ কিশোৰৰ সলিল সমাধি ঘটাত সমগ্ৰ গোৱালপাৰাত শোকৰ ছাঁ পেলাইছে।