মাৰ্ঘেৰিটাৰপৰা ৰবীন শৰ্ম্মা, ১৮নৱেম্বৰ: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত টিপং বৰ নামঘৰত সৰ্বজনৰ মংগল আৰু শান্তিৰ বাবে অহা ২ আৰু ৩ ডিচেম্বৰ তাৰিখে দুদিনীয়া ধৰ্মীয়মূলক বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ২৪ ঘণ্টীয়া ভাগৱত পাঠ৷ ইয়াৰ সমান্তৰালকৈ প্ৰথম দিনা পুৱা নাম প্ৰসংগ, ধৰ্ম্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষ ৰোপন, শৰাই অৰ্চনী, অক্ষয় বন্তি প্ৰজ্বলন, নাম প্ৰসংগ, অবিৰত ভাগৱত পাঠৰ শুভাৰম্ভ, সন্ধিয়া নামঘৰ সমীপৰ ৰাইজৰ ঘৰে ঘৰে বন্তি প্ৰজ্বলন আদি অনুষ্ঠিত হ’ব৷ দ্বিতীয় দিনা দুপৰীয়ালৈ ভাগৱত পাঠৰ সামৰণি, সামূহিক নাম প্ৰসংগ, প্ৰসাদ বিতৰণ, ধৰ্ম্মধ্বজা সম্বৰণ আদি কাৰ্যসূচী অনুষ্ঠিত হ’ব ৷ এই কথা অভ্যৰ্থনা সমিতিৰ হৈ উমা গগৈ, দীপ গগৈ, সোমেশ্বৰ খনিকৰ, উপেন বৰগোহাঁই, জয়ন্ত লি্কচন, মুকুট মেছ, চানিকা ৰয়, ৰজত ভৰালীয়ে কাৰ্যসূচী পত্ৰিকাৰ দ্বাৰা সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷