গুৱাহাটী, ২৭ নৱেম্বৰ, ২০২৫ : ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উপলক্ষে উত্তৰ-পূব ভাৰতৰ (North East India) সৰ্ববৃহৎ দুগ্ধ সমবায় পূৰবী ডেইৰীয়ে পৰম্পৰাগত ভাৰতীয় মিঠাই পূৰবী কালাকান্দ আৰু পূৰবী মিল্ক কেক মুকলি কৰি নতুন এক পৰিসৰ আৰম্ভ কৰে৷ পূৰবী মিঠাই এতিয়া পাঞ্জাবাৰীস্থিত পূৰবী পাৰ্লাৰৰ লগতে সমগ্ৰ গুৱাহাটীৰ সকলো পূৰবী মিল্ক বুথ, আৰু মহানগৰীৰ নিৰ্বাচিত খুচুৰা বিপণীত উপলভ্য হ’ব।

পূৰবী মিঠাই পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (ৱামুল)ৰ দ্বাৰা প্ৰস্তুতকৃত আৰু অসম চৰকাৰ তথা ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ড (এনডিডিবি)ৰ যৌথ উদ্যোগ নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেড (এনইডিএফএল)ৰ দ্বাৰা বজাৰত মুকলি কৰা হৈছে৷ ‘ভাৰতৰ শ্বেত বিপ্লৱৰ পিতৃ’ হিচাপে বহুলভাৱে গণ্য কৰা ড০ ভাৰ্গিজ কুৰিয়েনৰ জন্ম বাৰ্ষিকীত দেশৰ দুগ্ধ খণ্ডৰ উৎকৰ্ষৰ ক্ষেত্ৰত আগবঢ়োৱা তেওঁৰ অৱদানৰ স্মৃতিচাৰণ আৰু উদ্‌যাপনৰ বাবে প্ৰতি বছৰে ৰাষ্ট্ৰীয় দুগ্ধ দিৱস পালন কৰা হয়৷

উন্মোচনী অনুষ্ঠানত ভাষণ দি এনইডিএফএলৰ পৰিচালন সঞ্চালক সত্য ব্ৰত বসুৱে কয়, “টিম পূৰবীৰ বাবে এইটো এক গুৰুত্বপূৰ্ণ মুহূৰ্ত, কিয়নো আমি আমাৰ সামগ্ৰীৰ পৰিসৰ পৰম্পৰাগত মিঠাইলৈ সম্প্ৰসাৰণ কৰিবলৈ ওলাইছো। গ্ৰাহকসকলে দীৰ্ঘদিন ধৰি গুণগত দুগ্ধজাত সামগ্ৰীৰ বাবে পূৰবীক বিশ্বাস কৰি আহিছে আৰু পূৰবী মিঠাই হৈছে সেই আস্থাৰ স্বাভাৱিক সম্প্ৰসাৰণ। আমি প্ৰতিখন ঘৰৰ বাবে সতেজ, প্ৰামাণিক আৰু পৰিষ্কাৰ-পৰিচ্ছন্নভাৱে প্ৰস্তুত কৰা মিঠাই আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”

ৱামুলৰ পৰিচালন সঞ্চালক সমীৰ কুমাৰ পৰিদাই লগতে কয়, “আমি মুকলি কৰা প্ৰতিবিধ নতুন সামগ্ৰীয়ে আমাৰ কৃষকৰ বাবে অধিক মূল্যৰ সৃষ্টি কৰে। পূৰবী মিঠাইৰ জৰিয়তে আমি অধিক গাখীৰ ক্ৰয়ৰ সম্ভাৱনা মুকলি কৰাৰ লগতে আমাৰ উৎপাদক সদস্যসকলৰ বাবেও উন্নত লাভ নিশ্চিত কৰাৰ লক্ষ্য লৈছো। এয়া হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কল্পনা কৰা ধৰণে অসমৰ দুগ্ধ পৰিৱেশতন্ত্ৰক শক্তিশালী কৰাৰ দিশত আন এক পদক্ষেপ।”

ৰাষ্ট্ৰীয় দুগ্ধ দিৱসত অসম চৰকাৰৰ দ্বাৰা পাঁচগৰাকী পূৰবী দুগ্ধ উৎপাদকক পুৰস্কাৰ প্ৰদান ৰাজ্যিক পৰ্যায়ৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপনৰ অংশ হিচাপে অসম চৰকাৰে পূৰবী দুগ্ধ প্ৰতিষ্ঠানৰ সৈতে জড়িত পাঁচগৰাকী দুগ্ধ উৎপাদকক তেওঁলোকৰ উল্লেখনীয় অৱদান আৰু আধুনিক শৈলীৰ বাবে সম্বৰ্ধনা জনায়। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰায় ৬০ গৰাকী পূৰবী কৃষকে ৰাজ্যিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

এম এছ মণিভান্নন, আইএএছ, আয়ুক্ত আৰু সচিব, পশুপালন আৰু পশু চিকিৎসা বিভাগ; পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ডীন ডাঃ বিবেকানন্দ শইকীয়া; ড০ নিৰঞ্জন কলিতা, উপাচাৰ্য, অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়; শ্ৰীমতী পাঞ্চালী কাকতি, এচিএছ, সঞ্চালিকা, দুগ্ধ উন্নয়ন; শ্ৰী মনোজ শইকীয়া, অধ্যক্ষ, এল্প্‌কোৰ লগতে আন বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানৰ শোভাবৰ্ধন কৰে। পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী কৃষ্ণেন্দু পল মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা আছিল যদিও শেষ মুহূৰ্তত হোৱা সাল-সলনিৰ বাবে তেওঁ উপস্থিত থাকিব নোৱাৰিলে।

বঁটা বিজয়ী উৎপাদকসকল হৈছে: বঙাইগাঁৱৰ মাজাৰ আলী, হোজাইৰ মণি বালা দাস, দৰঙৰ তাজেৰ ৰহমান, নগাঁৱৰ মিনা চেত্ৰী আৰু হোজাইৰ সোম বাহাদুৰ চেত্ৰী। অনুষ্ঠানত অংশগ্ৰহণ কৰি পূৰবী দুগ্ধ বিভাগৰ বিষয়াসকলে পুৰস্কাৰপ্ৰাপ্ত কৃষকসকলক অভিনন্দন জনোৱাৰ লগতে বৃহত্তৰ দুগ্ধ উৎপাদক সমাজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁলোকে কয় যে উৎপাদক গোটলৈ সমৰ্থন আৰু জীৱিকা বৃদ্ধিৰ পৰা আৰম্ভ কৰি প্ৰক্ৰিয়াকৰণৰ উন্নয়ন তথা খুচুৰা বিপণনৰ সম্প্ৰসাৰণলৈকে পূৰবীৰ পদক্ষেপসমূহ অসমৰ দুগ্ধ খণ্ডৰ স্থায়ী বৃদ্ধিৰ মূল চাবিকাঠি৷ কৃষকসকলৰ সফলতাই সমগ্ৰ পূৰবী পৰিয়াললৈ অপৰিসীম আনন্দ কঢ়িয়াই আনে।