নিউজ ডেস্ক 

৭ জুলাই

হিন্দী ছবি জগতৰ ‘ট্রেজেদী কিং’ দিলীপ কুমাৰৰ চিৰবিদায়। বুধবাৰে পুৱা ৭.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰিলে হিন্দী ছবি জগতৰ চিৰসেউজ অভিনেতা গৰাকীয়ে। ৯৮ বছৰ বছৰীয়া অভিনেতা গৰাকী দীর্ঘদিন ধৰি অসুস্থ হৈ আছিল।

বুধবাৰে পুৱা ৭.৩০ বজাত হিন্দী ছবি জগতৰ চিৰসেউজ অভিনেতা ট্ৰেজিদী কিং হিচাপে জনাজাত দিলীপ কুমাৰ আমাৰ মাজৰ পৰা চিৰবিদায় লয়। দীর্ঘদিন ধৰি অসুস্থ হৈ আছিল হিন্দী ছবি জগতৰ ৯৮ বছৰীয়া অভিনেতা গৰাকী। মুম্বাইৰ খাৰ হিন্দুজা হাস্পতালত চিকিৎসাধীন হৈ আছিল অভিনেতা গৰাকী।

যোৱা ২৯ জুন তাৰিখে অভিনেতা দিলীপ কুমাৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অভিনেতা গৰাকীৰ মৃত্যুৰ খবৰে সমগ্ৰ দেশত শোকৰ ছাঁ পেলাইছে। ছবি জগতৰ অভিনেতাৰ পৰা ৰাজনৈতিক নেতা সকলোৱে অভিনেতা দিলীপ কুমাৰৰ নিধনত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইটযোগে অভিনেতা গৰাকীৰ নিধনত শোক প্ৰকাশ কৰিছে।

হিন্দী ছবি জগতৰ মহানায়ক অমিতাভ বচ্চন, মনোজ বাজপাই, অক্ষয় কুমাৰ, অজয় দেৱগান আৰু অন্যান্য অভিনেতা সকলৰ লগতে দক্ষিণ ভাৰতৰ অভিনেতা সকলেও টুইটযোগে দিলীপ কুমাৰৰ নিধনত শোক প্ৰকাশ কৰিছে। ১১ ডিচেম্বৰ ১৯২২ চনত দিলীপ কুমাৰৰ জন্ম পাকিস্তানৰ পেছাৱাৰত হৈছিল।

দেশ বিভাজনৰ পিছত দিলীপ কুমাৰৰ পৰিয়াল পাকিস্তানৰ পেছাৱাৰৰ পৰা তেতিয়াৰ বম্বাই আৰু বৰ্তমানৰ মুম্বাইলৈ আহিছিল। দিলীপ কুমাৰে নিজৰ অভিনয় জীৱনত ৬৫ তাতকৈও অধিক ছবিত অভিনয় কৰিছিল। দেৱদাস, নয়া দৌৰ, মোগল-এ-আজম, ৰাম আওৰ শ্যাম, লিডাৰ, যুগনো আদিৰ দৰে বহু উল্লেখযোগ্য ছবিত অভিনয় কৰিছিল দিলীপ কুমাৰ।

দিলীপ কুমাৰৰ প্ৰকৃত নাম আছিল ইউচুফ খান। ১৯৪৪ চনত জোৱাৰ ভাটা নামৰ ছবিখনৰ জৰিয়তে দিলীপ কুমাৰে নিজৰ অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল। হিন্দী ছবি জগতত অভিনেতা দিলীপ কুমাৰ ট্ৰেজিদী কিং হিচাপে জনাজাত আছিল।