তামুলপুৰ, ৭ আগষ্ট, ২০২৫ : পৰম্পৰাগত কৃষি ব্যৱস্থা (Traditional Farming System) জীয়াই ৰখাৰ এক সুন্দৰ প্ৰয়াস। কৃষি কৰ্মত গাঁৱৰ প্ৰতিজন ব্যক্তিৰ সহযোগিতা বাধ্যতামূলক। কোনো ব্যক্তি সহযোগ নকৰিলে ভৰিব লাগে জৰিমনা। প্ৰতি বছৰৰ দৰে এইবছৰো গাঁওখনৰ প্ৰতিজন ৰাইজে সমহযোগ কৰিছে পৰম্পৰাগত কৃষি ব্যৱস্থা জীয়াই ৰখাৰ এই প্ৰচেষ্টাত।
সময়ৰ লগে লগে হেৰাই যাবলৈ ধৰিছে আমাৰ পৰম্পৰাগত ব্যৱস্থা সমূহ। আধুনিকতাৰ ছাঁ পৰিছে সকলোতে। আধুনিকতাৰ প্ৰভাৱত আমাৰ পৰম্পৰাগত কৃষি ব্যৱস্থাও বহু সলনি হৈছে। পূৰ্বৰ সমূহীয়া কৃষি ব্যৱস্থা এতিয়া ব্যক্তিগত হৈ পৰিছে। সমূহীয়া কৃষি কৰ্ম এৰি এতিয়া সকলো ব্যস্ত নিজৰ নিজৰ কৃষি কৰ্মত।সময়ৰ সোঁতত হেৰাই যাবলৈ ধৰা পৰম্পৰাগত সমূহীয়া কৃষি ব্যৱস্থাক জীয়াই ৰখাৰ চেষ্টা ভেৰাখাত গাঁৱৰ ৰাইজৰ।
তামুলপুৰ জিলাৰ জামুগুৰি অঞ্চলৰ ভেৰাখাত গাঁৱৰ ৰাইজে এতিয়াও পৰম্পৰাগত সমূহীয়া কৃষি অনুসৰণ কৰি আহিছে। গাঁৱৰ মানুহে এতিয়াও একেলগে মিলি খেতি কৰি সমাজৰ ঐক্য আৰু সহযোগিতাৰ এনাজৰী ডাল অটুট ৰাখিছে। এই ব্যৱস্থা অনুসৰি গাঁৱৰ সকলো পুৰুষ-মহিলাই গাঁৱৰ সমূহীয়া কৃষি কৰ্মত অংশ লোৱাটো বাধ্যতামূলক।
যেতিয়া এটা পৰিয়ালে কৃষি কাম কৰাৰ কথা থাকে, যেনে খেতি কৰা, বীজ সিঁচা বা চপোৱা তেতিয়া গাঁৱৰ সকলো মানুহে স্বেচ্ছাই সহায় কৰিবলৈ যোগদান কৰে। এই প্ৰথাই কেৱল কৃষি প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাই নহয় সামাজিক বান্ধোনো মজবুত কৰে। গাঁওখনৰ এজন লোকে কয়, “এই পৰম্পৰাই আমাৰ ঐক্যক জীয়াই ৰখাত সহায় কৰিছে। ইয়াৰ মাধ্যমেৰে ভাতৃত্ববোধ গঢ়ি কাকো অকলে কষ্ট কৰিবলৈ এৰি দিয়া নহয়।কামবোৰ দ্ৰুতগতিত সম্পূৰ্ণ হয়, আৰু সকলোৱে সমানে লাভৱান হয়।”
এই গাঁওখনৰ সমবায় ব্যৱস্থাৰ কঠোৰ নীতিয়ে গাঁওখনক পৃথক কৰি ৰাখিছে। গাঁওখনৰ নিয়ম অনুসৰি, যদি কোনো যোগ্য ব্যক্তিয়ে কোনো বৈধ কাৰণ নোহোৱাকৈ সমূহীয়া কৃষি কৰ্মত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে তেন্তে তেওঁ জৰিমনা ভৰিব লাগে। জৰিমনা সাধাৰণতে ৩০০ টকাৰ পৰা ৫০০ টকালৈ হয়, আৰু সংগ্ৰহ কৰা ধন গাঁওখনৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হয়। যেনে পথ মেৰামতি কৰা, সৰু দলং ৰক্ষণাবেক্ষণ কৰা বা স্থানীয় উৎসৱ আয়োজন কৰাত।
গাঁও পৰিষদৰ এজন জ্যেষ্ঠ সদস্যই কয়, “অসহযোগিক সম্প্ৰদায়ৰ আস্থা ভংগ বুলি গণ্য কৰা হয়। সেইবাবেই জৰিমনা বাধ্যতামূলক। এই ধন স্বচ্ছভাৱে গাঁৱৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰা হয়। এই পৰম্পৰাগত ব্যৱস্থাটো কেৱল খেতিৰ কথা নহয়, ই সামূহিক দায়বদ্ধতা, পাৰস্পৰিক সন্মান আৰু সামাজিক সম্প্ৰীতিৰ প্ৰতীক। সময়ৰ লগে লগে বহু অঞ্চলৰ পৰা এনেধৰণৰ প্ৰথা নোহোৱা হৈ যোৱাৰ বিপৰীতে ভেৰাখাতে নিজৰ মূল্যবোধক অক্ষুণ্ণ ৰাখিছে আৰু আনকো অনুসৰণ কৰিব পৰাকৈ আদৰ্শ দাঙি ধৰিছে।”
গাঁওখনৰ এই ব্যৱস্থাৰ বাবেই কৃষি কৰ্মৰ সময়ছোৱাত গাঁওখৰ প্ৰতিঘৰৰ লোক সমূহীয়া কৃষি কৰ্মত অংশগ্ৰহণ কৰে। ফলত গাঁওখনৰ খেতি পথাৰত দেখিবলৈ পোৱা যায় এনেধৰণৰ এক আনন্দময় পৰিৱেশ। সঁচাকৈয়ে ভেৰাখাত গাঁৱৰ এই যুগ যুগ ধৰি চলি অহা কৃষি পৰম্পৰাই আজিৰ খণ্ড খণ্ডিত সমাজখনৰ বাবে এক প্ৰেৰণা হিচাপে কাম কৰি ঐক্যত পোৱা শক্তিৰ কথা আমাক সোঁৱৰাই দিয়ে।