নিউজ ডেস্ক, ৬ ছেপ্টেম্বৰ, ২০২৫ : ভাৰত (India) দ্ৰুতগতিত শক্তি নিৰাপত্তা আৰু পৰিচ্ছন্ন ভৱিষ্যতৰ দিশে আগবাঢ়িছে। এই যাত্ৰাত আটাইতকৈ নীৰৱ কিন্তু অপৰিহাৰ্য নায়ক হৈছে ট্ৰান্সমিছন লাইন। মৰুভূমি, নৈ, নগৰ বা বনাঞ্চল- য’তেই থিয় হৈ নাথাকক কিয়, এইবোৰে কেৱল বিদ্যুৎ বহন কৰাই নহয়, অগ্ৰগতিৰ পথ মুকলি কৰি সমগ্ৰ দেশখনক পোহৰেৰে উদ্ভাসিত কৰে। মাটিৰ স্বত্বাধিকাৰীসকলৰ বাবে এই লাইনবোৰ কেৱল অৱকাঠামো নহয়, বৰঞ্চ ভূমিৰ ব্যৱহাৰৰ এক গুৰুত্বপূৰ্ণ দিশ আৰু নতুন সম্ভাৱনাৰ প্ৰতীক, যিয়ে ভাৰতৰ ৰাষ্ট্ৰ-গঠনৰ বৃহৎ আখ্যানৰ অংশ হৈ পৰিছে।

ৰাজস্থানত বিদ্যুৎ উৎপাদনৰ বাবে সূৰ্য্যৰ ৰশ্মি ব্যৱহাৰ কৰাই হওক বা উত্তৰ-পূবৰ দূৰৱৰ্তী গাঁওসমূহলৈ পোহৰ অনাই হওক-সংবহন লাইন বা ট্ৰান্সমিছন লাইন হৈছে আমাৰ শক্তি বিপ্লৱৰ অদৃশ্য মেৰুদণ্ড। কিন্তু এই গুৰুত্বপূৰ্ণ ভূমিকাৰ সত্ত্বেও, এইবোৰৰ বিষয়ে ভয়, গুজব আৰু ভ্ৰান্ত ধাৰণাৰ অভাৱ নাই। বহুতে স্বাস্থ্যজনিত বিপদ, বনাঞ্চল ধ্বংস বা কৃষিভূমিৰ ক্ষতিৰ আশংকা কৰে। কিন্তু প্ৰশ্ন হ’ল-এই ভয়বোৰ কিমান সত্য? আৰু ৰাষ্ট্ৰীয় উন্নয়ন আৰু উজ্বল ভৱিষ্যতৰ বৃহত্তৰ প্ৰেক্ষাপটত এইবোৰৰ মূল্যায়ন কেনেকৈ কৰা উচিত? আহক, ট্ৰান্সমিছন লাইনৰ বিষয়ে প্ৰচলিত কিছুমান ভ্ৰান্ত ধাৰণা ভাঙোঁ, আৰু বিজ্ঞানৰ বাস্তৱতাৰ পৰা জানো কিয় এইবোৰ ভাৰতৰ বিদ্যুতায়নৰ যাত্ৰাত অপৰিহাৰ্য।

ভ্ৰান্তি ১: হাই-ভল্টেজ লাইনৰ কাষত থাকিলে কৰ্কট ৰোগ হয় বাস্তৱতাঃ বিদ্যুৎ লাইনৰ সৈতে কৰ্কট ৰোগৰ কোনো বৈজ্ঞানিকভাৱে প্ৰমাণিত সম্পৰ্ক নাই। এই উদ্বেগ সাধাৰণতে ইলেক্ট্ৰ’মেগনেটিক ফিল্ড (ই এম এফ)ৰ পৰা উদ্ভৱ হয়। কিন্তু বিশ্ব স্বাস্থ্য সংস্থা (ডব্লিউ এইচ অ’) আৰু ইণ্টাৰনেশ্যনেল কমিছন অন নন-আয়’নাইজিং ৰেডিয়েশ্যন প্ৰটেকশ্যন (আই চি এন আই আৰ পি)ৰ দৰে শীৰ্ষ সংস্থাই স্পষ্টকৈ জনাইছে যে, সাধাৰণ মানুহৰ সংস্পৰ্শৰ সীমাৰ ভিতৰত থকা ই এম এফে কৰ্কট ৰোগৰ সৃষ্টি নকৰে।

“বৰ্তমানৰ তথ্য অনুসৰি, কম মাত্ৰাৰ ইলেক্ট্ৰ’মেগনেটিক ফিল্ডৰ সংস্পৰ্শৰ ফলত কোনো স্বাস্থ্যজনিত বিপদ প্ৰমাণিত হোৱা নাই।” ডব্লিউ এইচ অ’, ফেক্ট শ্বীট নং ৩২২
ভাৰতৰ কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণে (চি ই এ) আন্তৰ্জাতিক মানতকৈও অধিক কঠোৰ ই এম এফ নিয়ম পালন কৰে। তদুপৰি, দূৰত্ব বঢ়াৰ লগে লগে ই এম এফৰ মাত্ৰা দ্ৰুতগতিত কমি যায়, যিটো প্ৰায়ে মাইক্ৰ’ৱেভ অভেন বা ৱাই-ফাই ৰাউটাৰৰ তুলনাতো কম। অৰ্থাৎ, মাটিৰ মালিকৰ বাবে ট্ৰান্সমিছন লাইনৰ উপস্থিতিৰ ফলত কোনো বৈজ্ঞানিকভাৱে প্ৰমাণিত স্বাস্থ্যজনিত ভাবুকি নাই, বৰঞ্চ ই দেশৰ বিদ্যুতায়নৰ পথ মুকলি কৰাৰ এক বৃহৎ নিশ্চয়তাহে।

ভ্ৰান্তি ২: ট্ৰান্সমিছন প্ৰকল্প মানেই বনাঞ্চল ধ্বংস আৰু ভূমিৰ অকাৰ্যকৰতা বাস্তৱতাঃ ট্ৰান্সমিছন লাইনসমূহ এনেদৰে পৰিকল্পনা কৰা হয় যাতে পৰিৱেশৰ বিঘিনি নূন্যতম হয় আৰু প্ৰায়ে ভূমি ব্যৱহাৰো বজাই ৰখা হয়, যাৰ ফলত এফালে পৰিৱেশ সংৰক্ষণ শক্তিশালী হয় আৰু আনফালে ৰাষ্ট্ৰীয় বিদ্যুতায়ন আগুৱাই নিয়া হয়।
কিছুমান গছ-গছনি কটাৰ প্ৰয়োজন হ’লেও, পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ পথ বা ভৱন নিৰ্মাণৰ তুলনাত বহু কম। বিশদ জৰীপ, জি আই এছ মেপিং, বন্যপ্ৰাণীৰ অনুমোদন, আৰু বন সংৰক্ষণ আইনৰ অধীনত ক্ষতিপূৰণমূলক বনায়ন বাধ্যতামূলক। এই সুকীয়া পৰিকল্পনাই নিশ্চিত কৰে যে, ৰাষ্ট্ৰক বিদ্যুতায়িত কৰাৰ অৱকাঠামো নিৰ্মাণৰ সময়ত পৰিৱেশৰ প্ৰতিও দায়বদ্ধতা বজাই ৰখা হয়। ভাৰতৰ শক্তি আন্তঃগাঁথনিৰ ওপৰত ২০২০ চনৰ বিশ্ব বেংকৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে আধুনিক পৰিকল্পনা পদ্ধতিয়ে বনাঞ্চলৰ ওপৰত ইয়াৰ প্ৰভাৱ বহু পৰিমাণে হ্ৰাস কৰিছে। উত্তৰ-পূব ভাৰতত ‘এন ই আৰ পাৱাৰ চিষ্টেম ইম্প্ৰ’ভমেণ্ট প্ৰজেক্ট’ৰ দ্বাৰা উপগ্ৰহৰ তথ্য আৰু ড্ৰ’ন প্ৰযুক্তি ব্যৱহাৰ কৰি গতানুগতিক পথৰ তুলনাত গছ কটা ৪০ শতাংশ পৰ্যন্ত হ্ৰাস পাইছে। একে সময়তে চহৰ আৰু পৰিৱেশ সংবেদনশীল অঞ্চলত মাটিৰ তলৰ কেবল ব্যৱহাৰ কৰা হৈছে, যাৰ ফলত পৰিৱেশৰ হস্তক্ষেপ আৰু অধিক হ্ৰাস পাইছে। ঘন জনবসতিপূৰ্ণ অঞ্চলত এই প্ৰযুক্তিৰ ব্যৱহাৰ সম্প্ৰসাৰণৰ কাম চলি আছে, যাতে স্পৰ্শকাতৰ অঞ্চলতো নিৰৱচ্ছিন্নভাৱে বিদ্যুৎ যোগান নিশ্চিত কৰিব পৰা যায়। ভূমি ব্যৱহাৰৰ সন্দৰ্ভত মাটিৰ মালিকসকলৰ মাজত এটা ডাঙৰ ভুল ধাৰণা হ’ল যে ট্ৰান্সমিছন লাইনৰ তলৰ মাটি সম্পূৰ্ণৰূপে অকাৰ্যকৰ হৈ পৰে। বাস্তৱত বৃহৎ গঠনৰ উপস্থিতিতো টাৱাৰৰ মাজৰ আৰু চাৰিওফালে থকা ভূমি প্ৰায়ে ব্যৱহাৰযোগ্য হয়। নিৰাপত্তাৰ দূৰত্ব পালন কৰি কৃষিকাৰ্য, চৰণভূমি, আৰু কিছু কম উচ্চতাৰ শস্যৰ খেতি অব্যাহত থাকিব পাৰে। ভাৰতৰ বহু অঞ্চলত “লাইনৰ তলত খেতি” সফলভাৱে চলি আছে, যিয়ে মাটিৰ মালিকক মাটিৰ উৎপাদনশীল ব্যৱহাৰৰ সুযোগ দিয়ে আৰু একে সময়তে ৰাষ্ট্ৰীয় বিদ্যুতায়নৰ পথত অৰিহণা যোগায়। স্থানীয় কৰ্তৃপক্ষ আৰু বিদ্যুৎ সংস্থাই এই কাৰ্যকলাপৰ বাবে নিৰ্দিষ্ট নিৰ্দেশনা প্ৰদান কৰে।

ভ্ৰান্তি ৩: ট্ৰান্সমিছন লাইনে দূৰৰ পৰাই আপোনাক বিদ্যুৎস্পৃষ্ট কৰিব পাৰে বাস্তৱতাঃ ট্ৰেন্সমিছন লাইনসমূহ বহুস্তৰীয় সুৰক্ষা ব্যৱস্থাৰে নিৰ্মাণ কৰা হয় আৰু ইয়াৰ সৈতে হেতালি নেখেলিলে কোনো বিপদৰ কাৰণ নাই। কণ্ডাক্টৰ অবিহনে বতাহত বিদ্যুৎ জপিয়াই যাব নোৱাৰে। কোনোবাই যদি টাৱাৰটোত বগাই নাযায় বা ওখ বস্তু লৈ তাৰ ওচৰলৈ নাযায়, তেতিয়ালৈকে বিদ্যুৎস্পৃষ্ট হোৱাৰ সম্ভাৱনা প্ৰায় শূন্য। গুৰুত্বপূৰ্ণ কথাটো হ’ল, ভাৰতৰ বিদ্যুৎ নিয়ম, ১৯৫৬য়ে পথ, অট্টালিকা, ৰে’লপথ আৰু কৃষিভূমিৰ ওপৰত ট্ৰান্সমিছন লাইন স্থাপনৰ বাবে এটা নিৰ্দিষ্ট নূন্যতম উচ্চতা নিৰ্ধাৰণ কৰিছে। এই উচ্চতা সাধাৰণতে ৫.৫ মিটাৰৰ পৰা ১৫ মিটাৰতকৈ অধিক হ’ব পাৰে, যিটো ভল্টেজৰ মাত্ৰা আৰু অঞ্চলৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ দ্বাৰা মানুহ, যান-বাহন, আৰু দৈনন্দিন কাম-কাজৰ সুৰক্ষা নিশ্চিত হয়। নিৰাপদ দূৰত্বত থাকে। বিদ্যুৎ নিয়মত ঘৰ, পথ আৰু কৃষিভূমিৰ ওপৰত ট্ৰান্সমিছন লাইনৰ বাবে নিৰ্দিষ্ট নূন্যতম ক্লিয়াৰেন্স দূৰত্বও নিৰ্ধাৰণ কৰা হৈছে আৰু এইবোৰ নিৰ্মাণৰ সময়ত কঠোৰভাৱে বলবৎ কৰা হয়। মাটিৰ মালিকৰ বাবে ইয়াৰ অৰ্থ হ’ল মানুহ আৰু কৃষি কাৰ্য্যকলাপৰ সুৰক্ষা নিশ্চিত কৰিবলৈ উপযুক্ত দূৰত্ব বজাই ৰখা হয়, যাতে এই গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি নিৰাপদে সহাৱস্থান কৰিব পাৰে। ইয়াৰ উপৰিও জনসজাগতা বৃদ্ধি আৰু জটিল স্থাপনৰ চাৰিওফালে বেৰ স্থাপন কৰি সুৰক্ষা আৰু অধিক বৃদ্ধি কৰা হৈছে।

ভাৰতক আলোকিত আৰু শক্তিশালী কৰাৰ শক্তি
ভাৰতৰ অগ্ৰগতিৰ বাবে ট্ৰান্সমিছন লাইনসমূহ অতি গুৰুত্বপূৰ্ণ- ই নবীকৰণযোগ্য শক্তিৰ সংহতি সক্ষম কৰে, শক্তি যোগানৰ আঞ্চলিক বৈষম্য হ্ৰাস কৰে, আৰু সৌভাগ্য, দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা আৰু পিএম-কুসুমৰ দৰে প্ৰকল্পৰ সফলতা নিশ্চিত কৰে। এই পদক্ষেপসমূহ কেৱল বিদ্যুৎ যোগানৰ বাবেই নহয়; ই ঘৰবোৰ পোহৰাই, উদ্যোগসমূহক শক্তি প্ৰদান কৰি আৰু গ্ৰাম্য অঞ্চললৈ বিদ্যুৎ আনি দেশখনৰ জাতি নিৰ্মাণৰ ভেটিও স্থাপন কৰে। মাটিৰ মালিকসকলৰ বাবেও এই লাইনসমূহ ৰাষ্ট্ৰীয় উন্নয়নৰ এক গুৰুত্বপূৰ্ণ অংশ, কিয়নো এইবোৰ প্ৰায়ে তেওঁলোকৰ মাটিৰ মাজেৰে প্ৰবাহিত হয়। ভুল তথ্যই বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত কোনো বাধাৰ সৃষ্টি কৰাটো উচিত নহয়। ট্ৰান্সমিছন নেটৱৰ্ক নিৰাপদ, বিজ্ঞানসম্মত, আৰু ভাৰতৰ স্বচ্ছ শক্তিৰ ভৱিষ্যতৰ বাবে অপৰিহাৰ্য। এই প্ৰকল্পসমূহৰ সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে মাটিৰ মালিসকলে। তেওঁলোকে বাস্তৱ তথ্যৰ ওপৰত ভিত্তি কৰি সঠিক সিদ্ধান্ত গ্ৰহণ কৰি আৰু এই প্ৰকল্পত সহযোগিতা কৰিলে, এই অৱকাঠামোৱে প্ৰতিটো ঘৰলৈ পোহৰ, প্ৰতিটো উদ্যোগলৈ শক্তি, আৰু ভাৰতক সমৃদ্ধ ভৱিষ্যতৰ পথত শক্তিশালী কৰিব।

প্ৰবন্ধটো লিখিছে ছাদ্দাফ আলম, জ্যেষ্ঠ পৰামৰ্শদাতা, স্ম’কলেছ কনচাল্টিং ফাৰ্ম।