গুৱাহাটী,  ৮ জুন, ২০২৪ : গুৱাহাটীৰ ৫ টা সমষ্টি ক্ৰমে দিশপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, গুৱাহাটী চেন্ট্ৰেল আৰু জালুকবাৰীৰ ৬০ টা ৱাৰ্ডৰ পাৰিষদসকলৰ সহযোগত ঠাইতে গৈ যান-বাহন বিষয়ক বিভিন্ন সমস্যাৰ সমাধান কৰিবলৈ প্ৰস্তুত হৈছে কামৰূপ মহানগৰ (Kamrup Metro) জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়। উল্লেখ্য যে,ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমবাৰৰ বাবে অসমত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত যান-বাহনৰ গৰাকীয়ে ঘৰতে বহি অৰ্ধশতাধিক সংস্পৰ্শবিহীন সেৱা অনলাইনযোগে লাভৰ সুবিধা পোৱাৰ পিছতো বিভিন্ন কাৰণত এই সেৱা গ্ৰহণ কৰিব নোৱৰাসকলক সহযোগ কৰাৰ লক্ষ্যৰে পৰিবহণ বিভাগে ১০ জুনৰ পৰা বিশেষ ব্যতিক্ৰমী জনসেৱা কাৰ্যসূচী গ্ৰহণ কৰিছে।

এইক্ষেত্ৰত ৰাজ্যৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে কয় যে, ৰাজ্যৰ পৰিবহণ বিভাগত প্ৰায় সকলো সেৱা সংস্পৰ্শ বিহীনভাৱে উপলব্ধ কৰাৰ পিছত যানবাহনৰ গৰাকীসকলৰ সময় ৰাহি হোৱাৰ উপৰি আৰ্থিকভাৱেও সকাহ পাইছে। কিন্তু বহু ব্যক্তিয়ে কাৰিকৰী অজ্ঞতাৰ বাবে এতিয়াও অনলাইন সেৱা গ্ৰহণ কৰাত অপাৰগতা প্ৰকাশ কৰে। ইফালে বিভিন্ন এৰাব নোৱৰা ব্যস্ততাৰ বাবে বিভাগৰ কাৰ্যালয়লৈ গৈ কৰকাটল পৰিশোধ কৰিব নোৱাৰা বাবেও বাহনৰ নথি-পত্ৰসমূহ সঠিক কৰিব নোৱাৰি যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখিন হৈছে৷ সেয়ে এনে বিভিন্ন সমস্যা, ওজৰ-আপত্তিৰ তাৎক্ষণিক সমাধানৰ বাবে কামৰূপ মহানগৰ জিলাৰ আটাইকেইটা সমষ্টিৰ ৬০ টাকৈ ৱাৰ্ডৰ সন্মানীয় পাৰিষদসকলৰ উপস্থিতি আৰু সহযোগ সাপেক্ষে ঠাইতে গৈ যানবাহনৰ গৰাকীৰ সমস্যাৰ সমাধান কৰিব পৰিবহণৰ সহায়কাৰী বিষয়াৰ এটা দলে।

প্ৰয়োজন সাপেক্ষে কোনো কোনো ৱাৰ্ডত অস্থায়ী শিবিৰ পাতি হ’লেও যানবাহন বিষয়ক সমস্যাৰ স্থায়ী আৰু দ্ৰুত সমাধানত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীয়ে। উল্লেখ্য যে, জনসেৱা কাৰ্যসূচীৰ সময়ছোৱাত বিভিন্ন উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মাণকাৰী সংস্থা আদিয়ে প্ৰত্যক্ষভাৱেও নিজৰ অসুবিধা ফোনযোগে অৱগত কৰিলে সম্ভাব্য সকলো সমস্যা যেনে বীমা, ফিটনেছ, পাৰ্মিট, প্ৰদূষণ আৰু বকেয়াসহ যাৱতীয় সকলো কৰ পৰিশোধৰ প্ৰমাণপত্ৰৰ ব্যৱস্থা কৰি দিয়া হ’ব। একেদৰে জিলা পৰিবহণ বিষয়াৰ বেতকুচিস্থিত কাৰ্যালয়ত বিশেষভাৱে সাজু কৰা কৰ্মচাৰীৰ দলে বাহনৰ গৰাকীৰ ওজৰ-আপত্তি ততালিকে নিষ্পত্তি কৰিব। এই সুবিধা গ্ৰহণৰ বাবে ইচ্ছুক লোকক ৯৫৭৭৯৯২১৫৩, ৮০১১৩৩৩০১৩, ৮৮২২৭৫৫৭৩৮, ৯১২৭২০৬৮০৩ নম্বৰত ৰাতিপুৱা ১০.৩০ বজাৰ পৰা আবেলি ৪ বজাৰ ভিতৰত যোগাযোগ কৰিবলৈ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ পৰা আহ্বান জনোৱা হৈছে।

একেদৰে ৬০ টা ৱাৰ্ডৰ সন্মানীয় পাৰিষদসকলকো নিজৰ এলেকাৰ ব্যক্তিগত-বাণিজ্যিক বিভিন্ন বাহনৰ গৰাকীৰ সমস্যাৰ সমাধান সন্দৰ্ভত আগভাগ লৈ পৰিবহণ বিভাগৰ ব্যতিক্ৰমী জনসেৱা কাৰ্যসূচী সাৰ্থক কৰি তুলিবলৈ আহ্বান জনোৱা হৈছে। কিয়নো জনসেৱা কাৰ্যসূচীৰ জড়িয়তে যানবাহন ব্যৱহাৰকাৰীৰ সৈতে পৰিবহণ বিভাগৰ সম্পৰ্ক অধিক ওচৰ চপাই আনি সকলোৰে সহযোগত অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাতো অন্যতম লক্ষ্য হিচাপে গ্ৰহণ কৰা হৈছে ৷