তিনিচুকীয়া, ২ অক্টোবৰ, ২০২৪ : ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সপ্তাহ উপলক্ষে বুধবাৰে তিনিচুকীয়া (Tinsukia) জিলাৰ বাৰেকুৰি আৰু ছৈখোৱা অঞ্চলত হলৌ বান্দৰৰ উপযোগী গছপুলি ৰোপণ কৰা হয়। তিনিচুকীয়া বন্যপ্ৰাণী সংমণ্ডলৰ উদ্যোগত আয়োজিত গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বন সংমণ্ডলিক বিষয়া খনীন্দ্ৰনাথ দাসে কয় আজি গান্ধী জয়ন্তী, শাৰদীয় দুৰ্গোৎসৱৰ মহালয়া আৰু ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সপ্তাহৰ আৰম্ভণীৰ পৱিত্ৰ দিনটোত বন বিভাগৰ দ্বাৰা গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰিবলৈ পাই আনন্দিত হৈছো।

অনুষ্ঠানত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই কয়, বাৰেকুৰি অঞ্চলৰ ৰাইজে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত যি আৰ্হি দাঙি ধৰিছে সেয়া অতি বিৰল আৰু আদৰণীয়। দেশৰ প্ৰধানমন্ত্ৰীয়ে ভূয়সী প্ৰশংসা কৰাৰ পিছত সম্প্ৰতি এই অঞ্চলটোলৈ পৰ্যটকৰ সোঁত বোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় ৰাইজক তাৰ বাবে থলুৱা সাংস্কৃতিক উপাদানেৰে প্ৰস্তুতি চলোৱাৰ পৰামৰ্শ আগবঢ়ায়। বিষয়াদ্বয়ে বাৰেকুৰিৰ দীঘলসাকোঁ গাঁৱত নুনি আৰু কঠালৰ পুলি ৰোপণ কৰি কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

অনুষ্ঠানৰ আৰম্ভণিতে বাৰেকুৰিৰ অগ্ৰণী পৰিৱেশ কৰ্মী দিপ্লব চেতিয়াই আঁতধৰা অনুষ্ঠানটোত সমাজকৰ্মী বিতোপন গোহাঁইয়ে বিষয়াদ্বয়ক মৰাণ জনগোষ্ঠীৰ ফুলাম গামোছাৰে আদৰণি জনায়। একেদৰে ছৈখোৱা অঞ্চলটো ৰাইজৰ সহযোগত গছপুলি ৰোপন কৰা হয়। উল্লেখ্য যে, হলৌ বান্দৰ সংৰক্ষণৰ বাবে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় প্ৰসিদ্ধি লাভ কৰা তিনিচুকীয়া চহৰৰ সমীপৰ বাৰেকুৰি অঞ্চলটোত বিৰল প্ৰজাতিৰ বন্যপ্ৰাণী বিধৰ সুবিধা হোৱাকৈ আজি ভালেসংখ্যক কঠাল আৰু নুনিগছ ৰোপণ কৰা হয়।

অঞ্চলটোত হলৌ বান্দৰ সংৰক্ষণৰ লগতে পৰিৱেশ সুৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বাবে বিশিষ্ট পৰিৱেশ কৰ্মী দিপ্লব চেতিয়াক মঙলবাৰে তিনিচুকীয়া জিলা প্ৰশাসনৰ দ্বাৰা আয়োজিত জিলা দিৱস অনুষ্ঠানত সম্বৰ্দ্ধনা জনোৱা হয়।আজি আন্তঃৰাষ্ট্ৰীয় অহিংস দিৱসৰ সৈতে সঙ্গতি ৰাখি চৰকাৰী বন্ধৰ মাজতো তিনিচুকীয়া জিলাৰ সকলো চৰকাৰী কাৰ্যালয়তে বিষয়া-কৰ্মচাৰীসকল সমবেত হৈ অহিংসা আৰু সততাৰ শপত গ্ৰহণ কৰে। জিলা আয়ুক্তৰ নিৰ্দেশ ক্ৰমে জিলাখনৰ প্ৰায়ভাগ চৰকাৰী কাৰ্যালয়তে এই কাৰ্যসূচী ৰূপায়ন কৰাৰ উপৰি ছাফাই অভিযানো চলোৱা হয়।