নিউজ ডেস্ক, সংবাদ ৩৬৫, ৫ আগষ্ট : লোকসভা আৰু ৰাজ্যসভাত তিনি তালাক বিৰোধী বিধেয়ক গৃহীত হোৱাৰ পিছত বহু মুছলমান মহিলাই বিধেয়কখন গৃহীত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক মুকলিকৈ সমৰ্থন জনাইছে। বিধেয়কখন গৃহীত হোৱাৰ পাছত খুবেই আনন্দিত মুছলমান মহিলাসকল ।

চৰকাৰৰ এই সিদ্ধান্তক মুকলিকৈ সমৰ্থন জনোৱাৰ বাবে এগৰাকী মুছলমান মহিলাক স্বামীয়ে বিবাহ বিচ্ছেদ কৰিছে । এই ঘটনাটো উত্তৰ প্ৰদেশৰ ফাতেহপুৰত । প্ৰাপ্ত তথ্য অনুসৰি ফাতেহপুৰ অঞ্চলৰ জিগনী গাঁৱৰ মুফিদা খাতুন নামৰ মহিলাগৰাকীয়ে ৰাজ্যসভাত তিনি তালাক বিৰোধী বিধেয়কখন গৃহীত হোৱাত ৰাজহুৱাকৈ আনন্দ প্ৰকাশ কৰিছিল যাৰ বাবে মুফিদা খাতুনৰ সৈতে বিবাহ বিচ্ছেদ কৰিছে তেখেতৰ স্বামীয়ে ।

ইয়াৰোপৰি মহিলাগৰাকীৰ স্বামীয়ে পত্নীৰ মাতৃগৃহলৈ গৈ পিতৃ-মাতৃৰ সন্মুখত বিধেয়ক সমৰ্থন কৰাৰ বাবে মহিলাগৰাকীৰ সৈতে বিবাহ বিচ্ছেদ হোৱা বুলি কৈ পত্নীক ঘৰ এৰিবলৈও বাধ্য কৰায়।

উক্ত ঘটনাটোৰ পিছত মহিলাগৰাকীয়ে স্বামীৰ বিৰুদ্ধে আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে আৰু এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে স্বামীক আটক কৰি তদন্ত আৰম্ভ কৰিছে।