গুৱাহাটী, ১ জুলাই, ২০২৪ : নেৰানেপেৰা বৰষুণৰ ফলত বছৰৰ দ্বিতীয়টো বান কবলত পৰিছে ৰাজ্য। ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল এতিয়া বাঢ়নী পানীৰ তলত। ৰাজ্যৰ ১২ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল ডুব গৈছে বাঢ়নী পানীৰ তলত (Twelve District Under Flood Water)। কামৰূপ, কৰিমগঞ্জ, তিনিচুকীয়া, গোলাঘাট, ধেমাজি, মাজুলী, কাছাৰ, লখিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, কোকৰাঝাৰ আৰু যোৰহাটত এতিয়াও বানৰ তাণ্ডৱলীলা অব্যাহত আছে।

নেৰানেপেৰা বৰষুণৰ ফলত কামৰূপ মহানগৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। বিশেষকৈ মহানগৰী গুৱাহাটীৰ বহু অঞ্চল কৃত্ৰিম বানত ডুব যোৱাত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে মহানগৰবাসী। বছৰৰ দ্বিতীয়টো বানৰ ফলত প্ৰভাৱিত হৈছে ৰাজ্যৰ ২ লাখতকৈও অধিক লোক। বানৰ ফলত সর্বসাধিক লোক প্ৰভাৱিত হৈ আছে কাছাৰ, কৰিমগঞ্জ, ধেমাজি, তিনিচুকীয়া, মাজুলী আৰু ডিব্ৰুগড় জিলাত। ধেমাজিত জিলাত বর্তমানেও ৬৯ হাজাৰ ২৫২ জন লোক প্ৰভাৱিত হৈছে বানপানীৰ ফলত।

ৰাজ্যৰ ৬৫৪৬.৪৪ হেক্টৰ কৃষিভূমি বাঢ়নী পানীৰ তলত। বানৰ বাঢ়নী পানীয়ে তাণ্ডৱলীলা চলাইছে ৰাজ্যৰ কেইবাখনো জিলাত। বিশেষকৈ বছৰৰ দ্বিতীয়টো বানৰ ভয়াৱহ তাণ্ডৱলীলা চলাইছে তিনিচুকীয়া, যোৰহাটৰ আৰু ডিব্ৰুগড় জিলাত। জিলা কেইখনৰ বিস্তীৰ্ণ অঞ্চল ডুব গৈ আছে বাঢ়নী পানীত। বহু ঠাইত মাথাউৰি ছিঙি কেইবাখনো গাঁও ডুব গৈছে বাঢ়নী পানীত। মাথাউৰি ছিঙি যোৱা অঞ্চল সমূহত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বাঢ়নী পানীয়ে। নিৰাপদ স্থানৰ সন্ধানত ঘৰ এৰি পলায়ন কৰিছে বান প্ৰভাৱিত হাজাৰ হাজাৰ লোকে লোকে।

ইফালে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয়ৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভুটানৰ পাহাৰীয়া উৎসৰ পৰা বৈ অহা নদীৰ পানীয়ে কালৰূপ ধাৰণ কৰি বুৰাই পেলাইছে বহু লোকৰ ঘৰ। পাহাৰীয়া উৎসৰ পৰা বৈ অহা নদীৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে অসমৰ লগতে অৰুণাচল প্ৰদেশত অব্যাহত থকা নেৰেনেপেৰা বৰষুণৰ ফলত ফেনেফুটুকাৰে নদী-উপনদী সমূহৰ পানী বৃদ্ধি পোৱাত ৰাজ্যৰ ১২ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰী গুৱাহাটীত সৃষ্টি হৈছে কৃত্ৰিম বানৰ।

মহানগৰীৰ বহু অঞ্চল কৃত্ৰিম বানত বুৰ যোৱাত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে মহানগৰবাসী। চৰকাৰী তথ্য অনুসৰি বৰ্তমানেও বানৰ কবলত পৰা জিলা কেইখন হৈছে কামৰূপ, কৰিমগঞ্জ, তিনিচুকীয়া, গোলাঘাট, ধেমাজি, মাজুলী, কাছাৰ, লখিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, কোকৰাঝাৰ আৰু যোৰহাট। নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানৰ তাণ্ডৱলীলা চলিছে ডিব্ৰুগড় জিলাত। জিলাখনৰ ৩৮ খনকৈ গাঁও বাঢ়নী পানীত ডুব গৈ থকাৰ সমান্তৰালভাৱে ডিব্ৰুগড় চহৰৰ বিস্তীৰ্ণ অঞ্চল কৃত্ৰিম বানপানীত ডুব গৈ আছে। ৰাজ্যৰ বান প্ৰভাৱিত ১২ খন জিলাৰ ৩৬ টা ৰাজহ চক্ৰৰ ৬৭১ খনকৈ গাঁও বাঢ়নী পানীতৰ তলত আছে।

বান প্ৰভাৱিত জিলা কেইখনৰ ২ লাখ ৬৩ হাজাৰ ১৮৬ জন লোক বাঢ়নী পানীত ককবকাই আছে। ইয়াৰে সর্বসাধিক ৬৯ হাজাৰ ২৫২ জন ধেমাজি জিলাৰ। আনহাতে ৬৫৪৬.৪৪ হেক্টৰ কৃষিভূমি এতিয়াও বাঢ়নী পানীৰ তলত আছে। বানপানী আৰু ভূমিস্খলনৰ ফলত ৰাজ্যত বৰ্তমানলৈকে ৩৪ জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। নেৰেনেপেৰা বৰষুণৰ ফলত নদী-উপনদী সমূহৰ পানী ফেনেফুটুকাৰে বৃদ্ধি পাইছে আৰু কেইবাখনো নদী বিপদ সীমাৰ ওপৰেৰে বৈ আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ৰাজ্যত পুনৰ বৰষুণৰ হোৱাৰ সম্ভাৱনা আছে।