গুৱাহাটী, ৪ নৱেম্বৰ, ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল দুজন চৰকাৰী কৰ্মচাৰী (Government Employee Attested)। এজন চৰকাৰী কৰ্মচাৰীয়ে ২ হাজাৰ টকা আৰু আনজনে ৩ হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে।

দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান। ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত। বিগত কিছুদিন ধৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক জালত পেলাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত অধিক সংখ্যক লাট মণ্ডল। দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল জালত পৰাৰ ধাৰা অব্যাহত আছে। পুনৰ দুজন লাট মণ্ডল পৰিল দুৰ্নীতি নিবাৰক শাখাৰ জালত।

উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ৰূপহী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু উত্তৰ লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যলায়ৰ লাট মণ্ডল।
উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ৰূপহী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল সত্য নাৰায়ণ ডেকা আৰু উত্তৰ লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যলায়ৰ লাট মণ্ডল মুজ্জমিল হক। ৩ হাজাৰ টকাৰ উৎকোচ লৈ থাকোতে ধৰা পৰে ৰূপহী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল সত্য নাৰায়ণ ডেকা। এজন লোকৰ পৰা মাটি কাম কৰি দিয়াৰ বিনিময়ত ৫ হাজাৰ টকা দাবী কৰিছিল লাট মণ্ডল সত্য নাৰায়ণ ডেকাই।

পৰৱৰ্তী সময়ত এই উৎকোচৰ পৰিমাণ ৩ হাজৰ টকালৈ হ্ৰাস কৰে। লাট মণ্ডল সত্য নাৰায়ণ ডেকাই উৎকোচ দাবী কৰা লোকজন কাষ চাপে দুৰ্নীতি নিবাৰক শাখাৰ। লোকজনৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই জাপ পেলাই উৎকোচ লৈ থকা অৱস্থাত লাট মণ্ডল সত্য নাৰায়ণ ডেকাক গ্ৰেপ্তাৰ কৰে। এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৯৩/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰা হৈছে। এই উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থাও অব্যাহত আছে।

দ্বিতীয়জন লাট মণ্ডল মুজ্জমিল হক জালত পৰে ২ হাজাৰ টকাৰ উৎকোচ লৈ থকা অৱস্থাত। উত্তৰ লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যলায়ৰ লাট মণ্ডল মুজ্জমিল হক এজন লোকৰ পৰা মাটিৰ কাম কৰি দিয়াৰ নামত দাবী কৰিছিল ১ লাখ টকা। পৰৱৰ্তী সময়ত এই উৎকোচৰ ধন ৫০ হাজাৰলৈ হ্ৰাস কৰা হয়। দাবী কৰা ধনৰ ২ হাজাৰ টকা লৈ থকা অৱস্থাত ধৰা পৰে উত্তৰ লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যলায়ৰ লাট মণ্ডল মুজ্জমিল হক। এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৯৪/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰা হৈছে। এই উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থাও অব্যাহত আছে।