চামগুৰি, ৪ জানুৱাৰী, ২০২৪ : জাল নোট চক্ৰৰ বিৰুদ্ধে আৰক্ষী অভিযান। জালত পৰিল জাল নোট চক্ৰৰ দুজন সদস্য (Two Arrested With Fake Currency)। ৭৬ হাজাৰ ৫০০ টকাৰ জাল নোটসহ জালত পৰিল জাল নোট চক্ৰৰ সদস্য দুজন। জব্দ জাল নোট তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা কাগজৰ ৰীম আৰু এখন বিলাসী বাহন। বিলাসী বাহনখনেৰে সৰবৰাহ কৰিছিল জাল নোটখিনি। অধিক তথ্যৰ বাবে জাল নোট চক্ৰৰ সদস্য দুজনক জেৰা অব্যাহত ৰাখিছে।
জাল নোট আৰু নকল সোণৰ ব্যৱসায়ী চক্ৰ এতিয়াও সক্ৰিয় হৈ আছে ৰাজ্যত। জাল নোট আৰু নকল সোণৰ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে যদিও এই চক্ৰৰ লগত জড়িত একাংশ লোক কেৰেপ নকৰে আৰক্ষীক। ইতিমধ্যে এই চক্ৰৰ বহু সদস্য আৰক্ষীৰ জালত পৰিছে, জব্দ হৈছে বুজন পৰিমাণত জাল নোট আৰু নকল সোণ।
পুনৰ এই চক্ৰৰ দুজন সদস্য জাল নোটসহ আৰক্ষীৰ জালত পৰিছে। এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ৭৬ হাজাৰ ৫০০ টকাৰ জাল নোটসহ জাল নোট চক্ৰৰ সদস্য দুজন আটক কৰে। নগাঁও জিলাৰ অপৰাধ শাখাৰ আৰক্ষীয়ে লাভ কৰে সাফল্য। চামগুৰিৰ ৰঙাগড়াত অপৰাধ শাখাৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই জাল নোট সৰবৰাহ কৰা এখন বিলাসী বাহন খেদি খেদি আটক কৰি বাহনখনৰ পৰা ৭৬ হাজাৰ ৫০০ টকাৰ জাল নোটসহ জাল নোট জব্দ কৰাৰ লগতে জাল নোট চক্ৰৰ সদস্য দুজন আটক কৰে।
লগতে আৰক্ষীয়ে বিলাসী বাহনখনৰ পৰা নকল নোট তৈয়াৰ কৰাত ব্যৱহাৰ কৰা বৃহৎ পৰিমাণৰ কাগজৰ ৰীম উদ্ধাৰ কৰে। ধৃত জাল নোট চক্ৰৰ সদস্য দুজন ক্ৰমে জহিৰুল ইছলাম আৰু চাহেব উদ্দিন। জাল নোট সৰবৰাহত ব্যৱহাৰ কৰা আৰ্টিগা বাহনখনৰ নম্বৰ এএছ-০১-ইএম-৪৮৯১ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ধৃত জাল নোট চক্ৰৰ সদস্য দুজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰী গুৱাহাটীত সক্ৰিয় হৈ আছে এই চক্ৰৰ কেইবাজনো সদস্য।
আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে পোহৰলৈ আহিছিল ৰাজ্যত নকল সোণ আৰু জাল নোট ব্যৱসায়ী চক্ৰৰ ভয়াবহ তথ্য। নকল সোণ আৰু জাল নোটৰ এই জগতখনৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধেও। কিছুদিন পূৰ্বে মহানগৰীৰ দক্ষিণগাঁও অঞ্চলত আৰক্ষীয়ে এক অভিযান চলাই এই চক্ৰটোৰ দুজন সদস্যক আটক কৰিছিল। দুয়ো দক্ষিণগাঁৱত ভাড়া ঘৰৰ পৰাই চলাই আছিল নকল সোণ আৰু জাল নোটৰ ব্যৱসায়।