আজিজ আলী

মুকালমুৱা : মুকালমুৱাত ৰাইজে হাতে-লোটে আটক কৰিলে দুই ড্ৰাগছ সৰবৰাহকাৰীক৷ ড্ৰাগছ সৰবৰাহকাৰী দুজনক ৰাইজে লপা-থপা দি আৰক্ষীক গতাই দিয়ে। সৰবৰাহকাৰী দুজনৰ কবলৰ পৰা ৰাইজে জব্দ কৰে নিচাজাতীয় টেবলেট। আৰক্ষীৰ সমান্তৰালে এতিয়া ৰাজ্যৰ প্ৰতিটো অঞ্চলৰ ৰাইজ ওলাই আহিছে ড্ৰাগছৰ বিৰুদ্ধে।

অসম আৰক্ষীৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে এইবাৰ ৰাইজে আটক কৰিলে দুই ড্ৰাগছ সৰবৰাহকাৰীক। নলবাৰী জিলাৰ মুকালমুৱাৰ অন্তৰ্গত সাপকাতাৰ মদানিপুৰত স্থানীয় ৰাইজে দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। ৰাইজে ড্ৰাগছ সৰবৰাহকাৰী দুজনক লপা-থাপা দি আৰক্ষীক গতাই দিয়ে।

জানিব পৰা মতে ৰাজু আহমেদ আৰু আব্বাছ আলী নামৰ দুই ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ বিক্ৰী কৰাৰ উদ্দেশ্যে মদানিপুৰত আহিছিল। বাইকলৈ অহা যুৱক দুজনক ৰাইজে আটক কৰি জেৰা চলাওঁতে দুয়োৰে কবলৰ পৰা ৰাইজে নিচাজাতীয় টেবলেট উদ্ধাৰ কৰে। ইয়াৰ পিছতে ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত ৰাইজে ড্ৰাগছ সৰবৰাহকাৰী দুজনক আৰক্ষীক গতাই দিয়ে।

ড্ৰাগছ সৰবৰাহকাৰীৰ দুজনে লৈ অহা এএছ-১৪কে-২৫১৪ নম্বৰৰ পালচাৰ বাইকখনো ৰাইজে জব্দ কৰি আৰক্ষীক গতাই দিয়ে। উল্লেখ্য যে ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে জেহাদ ঘোষণা কৰাৰ পিছৰে পৰা অসমবাসী ৰাইজ উৎসাহিত হৈ আৰক্ষীক পূৰ্ণ সহযোগ কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে বিভিন্ন ঠাইত ৰাইজে ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক গতাই দিয়া দেখিবলৈ পোৱা গৈছে।