শিৱসাগৰ, ২ নৱেম্বৰ, ২০২৩ : এক ভয়ংকৰ পথ দুর্ঘটনা। এই ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত হৈছে এহাল প্ৰেমিক-প্ৰেমিকাৰ (Two Killed In A Road Accident)। নিশা ঘৰৰ পৰা প্ৰেমিকে পলুৱাই নিছিল প্ৰেমিকাক। প্ৰেমিকাক পলুৱাই নি গৈ থকা অৱস্থাতে অচিনাক্ত বাহনৰ খুন্দাত নিহত হয় দুয়ো। ঘটনাক কেন্দ্ৰ কৰি বিৰাজ কৰিছে শোকৰ ছাঁ। আৰক্ষীৰ তদন্ত অব্যাহত।

বৃহস্পতিবাৰে পুৱতি নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ হয় এহাল যুৱক-যুৱতীৰ মৃতদেহ। ৰাজপথত তেজেৰে লুতুৰি-পুতুৰি হৈ থকা অৱস্থাত উদ্ধাৰ হয় যুৱক-যুৱতী হালৰ মৃতদেহ। পুৱতি নিশা আৰক্ষীয়ে ৰাজপথৰ পৰা যুৱক-যুৱতী হালৰ মৃতদেহ উদ্ধাৰ কৰে। এক পথ দুৰ্ঘটনাৰ যুৱক-যুৱতী হালৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। এই শোকাবহ ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাত।

পুৱতি নিশাৰ ভাগত শিৱসাগৰৰ দিচাং মাজগাঁৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তেজেৰে লুতুৰি-পুতুৰি হৈ থকা অৱস্থাত আৰক্ষীয়ে এহাল যুৱক-যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মৃতদেহ দুটা পলাশ গগৈ আৰু লাকী মেচ নামৰ যুৱক-যুৱতীৰ বুলি চিনাক্ত কৰা হৈছে। যুৱক-যুৱতী হাল প্ৰেমিক-প্ৰেমিকা বুলিও জানিব পৰা গৈছে।

শিৱসাগৰ জিলাৰ ডিমৌৰ জীয়ামাৰিৰ ২২ বছৰীয়া পলাশ গগৈ আৰু ডিমৌ কছাৰী পথাৰৰ ১৬ বছৰীয়া লাকী মেচৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল। নিশাৰ ভাগত পলাশ গগৈয়ে প্ৰেমিকা লাকী মেচক পলুৱাই নি গৈ থকা অৱস্থাত ৰাজপথ অচিনাক্ত বাহনে দুয়োকে খুন্দা মৰাত দুয়ো থিতাতে নিহত হয় বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। আৰক্ষীয়ে দুয়োৰে মৃতদেহৰ কাষত এখন মটৰ চাইকেল পৰি থকা অৱস্থাত উদ্ধাৰ কৰে।

আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে মটৰ চেইকেলেৰে নিশা গৈ থকা অৱস্থাত কোনো অচিনাক্ত বাহনে মটৰ চাইকেলখনত খুন্দা মৰাত দুয়ো থিতাতে নিহত হয়। পথ দুর্ঘটনাত এহাল প্ৰেমিক-প্ৰেমিকাৰ কৰুণ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। ইফালে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।