আজিজ আলী
মুকালমুৱা : বৰক্ষেত্ৰীৰ চৰাঞ্চলত চাউলৰ ক’লা বজাৰ। সুলভ মূল্যৰ দোকানৰ চাউল বিক্ৰী হয় ক’লা বজাৰত। চোৰাং চাউল ভৰ্তি দুখন নাও জব্দ। সূলভ মূল্যৰ দোকানীৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী ৰাইজৰ।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত চৰাঞ্চলত সুলভ মূল্যৰ চাউল ক’লা বজাৰত বিক্ৰী কৰাৰ এক অভিযোগ উত্থাপন হৈছে। সোমবাৰে নিশা প্ৰায় ১০ বজাত সুলভ মূল্যৰ দোকানৰ চাউল ক’লা বজাৰত বিক্ৰী কৰিবলৈ যন্ত্ৰচালিত নাৱেৰে নিয়াৰ সময়ত কুৰিহামাৰী বৰচুলিয়া আঞ্চলিক আমছু, ৰাইনো ক্লাব আৰু বৰক্ষেত্ৰী চৰ উন্নয়ন পৰিষদৰ লগতে স্থানীয় ৰাইজৰ সহযোগত চাউল ভৰ্তি নাও দুখন জব্দ কৰা হয়।

চাউল ভৰ্তি নাও দুখনৰ নাৱৰীয়া দুজনে চাউলৰ ভাড়া অনা নিয়া কৰে বুলি জানিবলৈ দিয়ে। চাউলখিনি জব্দ কৰি স্থানীয় শিয়ালমাৰী চৰ আৰক্ষীক খবৰ দিয়াত শিয়ালমাৰী থানাৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ চাউলখিনি জব্দ কৰে। বৰ্তমান চাউলখিনি শিয়ালমাৰী থানাৰ জিম্মাত আছে।

ইফালে এক বিশেষ সুত্ৰৰ খবৰত জানিব পৰা গৈছে যে সুলভ মূল্যৰ চাউল জব্দ হোৱা ঘটনাক একাংশ লোকে গাপ দিবলৈ চেষ্টা চলাই আছে। শিয়ালমাৰী চৰ আৰক্ষী থানাই সঠিক আৰু শুদ্ধৰূপে তদন্ত কৰি উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি ৰাইজে দাবী জনাইছে।

দুখীয়া লোকৰ চাউল ক’লা বজাৰত বিক্ৰীৰ চেষ্টা চলাওঁতে এইদৰে ধৰা পৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জব্দ চাউলখিনি যিখন সূলভ মূল্যৰ দোকানীৰ আছিল তেওঁৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ ৰাইজে দাবী জনাইছে।