গোৱালপাৰা, ৭ নৱেম্বৰ, ২০২৩ : ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতৰ দল আৰু আৰক্ষীৰ মাজত গুলীয়া গুলী। আৰক্ষীৰ গুলীত নিহত দুজন ডকাইত (Two Robber Killed)। ডকাইতৰ গুলীত আহত হৈছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া। এজন আৰক্ষী জোৱানো আহত হোৱা বুলি জানিব পৰা গৈছে। পিষ্টল, সজীৱ গুলীসহ ডকাইতি কাণ্ডত ব্যৱহাৰ হোৱা বলেৰ’ বহন জব্দ। নিহত ডকাইত দুজনৰ ভিতৰত এজন মেঘালয়ৰ বাসিন্দা।

গোৱালপাৰা জিলাৰ আগিয়াত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশাৰ ভাগত এক গুলীয়া গুলীৰ ঘটনাই অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰে। নিশা প্ৰায় ১০ মান বজাত ডকাইতৰ দল এটা আৰু আৰক্ষীৰ মাজত সংঘটিত হয় এই গুলীয়া গুলীৰ ঘটনা। এই গুলীয়া গুলীৰ ঘটনাত আৰক্ষীৰ গুলীত দুজন ডকাইত নিহত হোৱাৰ লগতে আগিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু এজন জোৱান আহত হয়। আৰক্ষীৰ গুলীত আহত হোৱা ডকাইত দুজনৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।

গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীয়ে ঘটনা সন্দৰ্ভত জানিবলৈ দি কয়, “নিশা আগিয়া আৰক্ষীৰ এটা দল ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে তহল দি থকা অৱস্থাত হঠাৎ এখনৰ বাহনেৰে অহা ডকাইতৰ দলে আৰক্ষীলৈ লক্ষ্য কৰি গুলী চালনা কৰে। আৰক্ষীয়েও প্ৰত্যুত্তৰত গুলী চালনা কৰাৰ দুয়ো পক্ষৰ মাজত প্ৰচণ্ড সংঘর্ষ লাগে। প্ৰায় আধা ঘণ্টা সময় ধৰি আৰক্ষী আৰু ডকাইতৰ দলটোৰ মাজত গুলীয়া গুলী হয়। এই সংঘৰ্ষত আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈ আহত হয় দুজন ডকাইত।”

আৰক্ষী অধীক্ষক গৰাকীয়ে লগতে কয় যে আৰক্ষীয়ে আহত ডকাইত দুজনক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাত ডকাইত দুজনৰ মৃত্যু হয়। নিহত ডকাইত দুজনৰ ভিতৰত এজন মেঘালয়ৰ অমৰ থাপা আৰু আনজন শ্বেইখ ফৰিদুল ইছলাম বুলি চিনাক্ত হৈছে। মেঘালয়ৰৰ কুখ্যাত ডকাইত অমৰ থাপা বহু অপৰাধৰ লগত‌ জড়িত। কুখ্যাত ডকাইত অমৰ থাপা দীর্ঘদিন ধৰি অসম আৰু মেঘালয় আৰক্ষীৰ নিদ্ৰা হৰণ কৰি আহিছিল।

জানিব পৰা মতে অমৰ থাপা নামৰ কুখ্যাত ডকাইতজন মেঘালয়ৰ উগ্ৰপন্থী সংগঠন জি এন এল এৰ সৈতে মিলিত হৈ ২০১৭ আৰু ২০১৮ বৰ্ষত কেইবাটাও অপহৰণৰ ঘটনা সংঘটিত কৰিছিল। অমৰ থাপাৰ বিৰুদ্ধে গোৱালপাৰা জিলাত কেইবাটাও ধনদাবী, হত্যা আৰু অপহৰণৰ গোচৰ ৰুজু হৈ আছিল। আৰক্ষীৰ গুলীত নিহত হোৱা ডকাইত দুজনৰ পৰা দুটাকৈ পিষ্টল আৰু কেইবাজাই সজীৱ গুলীৰ লগতে ডকাইতি কাণ্ডত ব্যৱহাৰ কৰা এখন বলেৰ’ বাহন উদ্ধাৰ কৰে আৰক্ষীয়ে।