নিউজ ডেস্ক, ১৮ আগষ্ট, ২০২৫ : ডাইমণ্ড হাৰবাৰ এফ চিয়ে ইণ্ডিয়ান ছুপাৰ লীগৰ দল জামছেদপুৰ এফ চিক পৰাস্ত কৰি বৃহৎ অঘটনৰে চলিত ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ (Football Championship) ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ জামছেদপুৰৰ জে আৰ ডি টাটা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত প্ৰতিযোগিতাৰ তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত ঘৰুৱা দল জামছেদপুৰক ২-০ গ’লত পৰাস্ত কৰে ডাইমণ্ড হাৰবাৰ এফ চিয়ে৷
খেলৰ প্ৰথমাৰ্ধতে ডাইমণ্ড হাৰবাৰে দুয়োটা গ’ল কৰিবলৈ সক্ষম হয়৷ আনহাতে, দলৰ তাৰকা ৰাটকিমাই মেচৰ দুয়োটা গ’ল কৰি দলক অন্তিম চাৰিত প্ৰৱেশৰ গৌৰৱময় সফলতা দিয়ে৷ খেলৰ তিনি মিনিটত প্ৰথমটো গ’ল কৰা ৰাটকিমাই ৪০ মিনিটত দ্বিতীয়টো গ’ল দিয়ে৷ তাৰপাছত মেচৰ বাকী সময়খিনিত জামছেদপুৰ দলক প্ৰত্যাৱৰ্তনৰ সুযোগ নিদিলে ডাইমণ্ড হাৰবাৰে৷ ছেমিফাইনেলত ডাইমণ্ড হাৰবাৰ মুখামুখি হ’ব কলকাতাৰ আন এটা আই এছ এলৰ দল ইষ্ট বেংগল এফ চিৰ৷
উল্লেখ্য যে কলকাতাত অনুষ্ঠিত প্ৰতিযোগিতাৰ অন্তিম কোৱাৰ্টাৰ ফাইনেলত মোহন বাগান ছুপাৰ জায়েণ্ট দলক ২-১ গ’লত পৰাস্ত কৰে ইষ্ট বেংগল এফ চিয়ে৷ এয়াও ফুটবলপ্ৰেমীৰ বাবে এক অপ্ৰত্যাশিত ফলাফল৷ আনহাতে, এই চাপৰ মেচতো ইষ্ট বেংগলৰ বিজয়ৰ নায়ক ডাইমনটাকছে দলৰ হৈ দুয়োটা গ’ল কৰে৷ নৈশলোকত বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত বহু প্ৰত্যাশিত কলকাতা ডাৰ্বিত খেলৰ ৩৮ মিনিটত ইষ্ট বেংগলে পেনাল্টি লাভ কৰে৷ ডাইমনটাকছে এই সুযোগ সফলতালৈ ৰূপান্তৰ কৰি প্ৰথমাৰ্ধত ইষ্ট বেংগলক আগুৱাই ৰাখে৷ দ্বিতীয়াৰ্ধত মেচত স্বাভাৱিকতে উত্তেজনা বৃদ্ধি পায়৷ খেলৰ ৫২ মিনিটত ডাইমনটাকছে দ্বিতীয়টো গ’ল কৰি মোহন বাগানৰ সপোন চুৰমাৰ কৰে৷ সৰ্বাধিকবাৰ ডুৰাণ্ড কাপ জয় কৰা মোহন বাগানৰ হৈ ডাইমনটাকছে ৬৮ মিনিটত থাপাই গ’ল কৰে যদিও ইষ্ট বেংগলে প্ৰত্যাশিত লক্ষ্যত উপনিত হয়৷
আজিৰ বিজয়ী দল দুটাৰ মাজত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেল অহা ২০ আগষ্টত কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হ’ব৷ আনহাতে, অহা ১৯ আগষ্টত ছিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ’বলগা প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত মুখামুখি হ’ব উত্তৰ পূৱৰ দুই দল ছিলং লাজং এফ চি আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ চি৷ ইফালে, অহা ২৩ আগষ্টত কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল অনুষ্ঠিত হ’ব৷