নিউজ ডেস্ক, ১ ডিচেম্বৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) উন্নতমানৰ ৰিম’টলি অপাৰেটেড ৰব’টিক ভেহিকল (আৰঅ’আৰভি) প্ৰযুক্তি ব্যৱহাৰ কৰি গুৰুত্বপূৰ্ণ ৰে’লৱে সেতুসমূহৰ গাঁথনিগত নিৰীক্ষণ আৰু পানীৰ তলৰ বিস্তৃত নিৰীক্ষণ সফলতাৰে পৰিচালন কৰিছে। এই সেতুসমূহৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত স্থিত প্ৰসিদ্ধ শৰাইঘাট সেতু আৰু আলিপুৰদুৱাৰ মণ্ডলৰ অধীনস্থ কেইবাখনো গুৰুত্বপূৰ্ণ সেতু অন্তৰ্ভুক্ত আছে।

এই সেতুসমূহৰ উপগাঁথনিসমূহ বছৰ বছৰ ধৰি পানীৰ তলত থকাৰ বাবে এইসমূহৰ ফাউণ্ডেচন, ৱেল আৰু পিয়াৰসমূহৰ স্থিতি নিৰূপণৰ বাবে আৱশ্যকীয় পানীৰ তলৰ পৰীক্ষণ অতি জৰুৰী হৈ পৰিছে। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰ ভাৰতৰ প্ৰথমখন ৰে’ল-কাম-ৰোড সেতু ৰূপে পৰিচিত ঐতিহাসিক শৰাইঘাট সেতুখন ১.৪৫ কিলোমিটাৰ পৰ্যন্ত প্ৰসাৰিত আৰু ই পাণ্ডু আৰু আমিনগাঁৱক সংযোগ কৰিছে। ভাৰতৰ উত্তৰ-পূৰ্ব্বাঞ্চলৰ এক অন্যতম এক অতি উল্লেখনীয় জীৱনৰেখা হিচাপে এই সেতুখন আৰঅ’আৰভি জৰীপ, লিডাৰ, থাৰ্মেল ইমেজিং, গ্ৰাউণ্ড পেনিট্ৰেটিং ৰাডাৰ (জিপিআৰ) আৰু আলট্ৰাছ’নিক পালছ ভেল’চিটি (ইউপিভি) পৰীক্ষণৰ সংমিশ্ৰণেৰে ইয়াৰ নিৰীক্ষণ কৰা হৈছিল।

এই নিৰীক্ষণত পিয়াৰ কেপ, ৱেল ফাউণ্ডেচন, আণ্ডাৰ ৱাটাৰ স্কোৰ জ’ন, চুপাৰ ষ্ট্ৰাকচাৰ ষ্ট্ৰেচ পইন্টচ আৰু ডেক কম্পোনেন্ট সামৰি লোৱা হয়। আনহাতে আলিপুৰদুৱাৰ মণ্ডলৰ অন্তৰ্গত ১৮ খন গুৰুত্বপূৰ্ণ সেতুৰ চাবমাৰ্জড পিয়াৰ্চ, ৰিভাৰবেড আৰু সম্ভাৱ্যনীয় ত্ৰুটিসমূহৰ আৰঅ’আৰভিৰ উচ্চ ক্ষমতাসম্পন্ন ভিজুৱেল গ্ৰহণেৰে পুংখানুপুংখভাৱে নিৰীক্ষণ কৰা হয়। পানীৰ তলৰ এই গাঁথনিসমূহত কোনোধৰণৰ ডাঙৰ ত্ৰুটি ধৰা নপৰিল।

আনহাতে ২০২৪-২৫ বিত্তীয় বৰ্ষত উত্তৰ-পূব সীমান্ত ৰে’লৱেই আৰঅ’আৰভি ব্যৱহাৰ কৰি ১৩ খন সেঁ₹তুৰ আণ্ডাৰ ৱাটাৰ নিৰীক্ষণ সম্পূৰ্ণ কৰাৰ লগতে ২০২৫-২৬ বৰ্ষত ইতিমধ্যে অতিৰিক্ত ৩৪ খন সেতুৰ নিৰীক্ষণ কৰা হৈছে। এই তথ্যসমূহে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ গাঁথনিগত স্থিতি নিৰীক্ষণৰ নিৰ্ভূলতা বৃদ্ধি কৰি প্ৰতিৰোধমূলক ৰক্ষণাবেক্ষণৰ দিশত সময়োপযোগী পৰিকল্পনাৰ বাবে সাহাৰ্য প্ৰদান কৰে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেই এই অঞ্চলৰ গুৰুত্বপূৰ্ণ সেতুসমূহৰ অবিৰত সুৰক্ষা আৰু দীৰ্ঘায়ু নিশ্চিত কৰাৰ অৰ্থে আধুনিক নিৰীক্ষণ প্ৰযুক্তি ব্যৱহাৰৰ বাবে সদায় প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। আৰঅ’আৰভিৰ প্ৰয়োগ আৰু উন্নত ডিজিটেল সঁজুলি উভয়ৰ ব্যৱহাৰেৰে সেতুসমূহৰ বিজ্ঞানসন্মত মূল্যায়নত এক পদক্ষেপেৰে এই ৰে’লৱে আগবাঢ়িছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই তাৰ নিৰীক্ষণ ব্যৱস্থা অধিক মজবুত কৰি আগবাঢ়িব, বিশেষকৈ শৰাইঘাট সেতু আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনৰ অন্যান্য গুৰুত্বপূৰ্ণ সেঁতুসমূহ, যিসমূহ হৈছে উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰে’ল পৰিচালনৰ এক কেন্দ্ৰীয় ৰে’ল যোগাযোগ ব্যৱস্থা।