গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মাৰ্চ : অগপই ক্ষমতাৰ খকতে যিকোনো কাম কৰিব পাৰে এই মন্তব্য এক প্ৰেছ বিজ্ঞপ্তিৰ যোগেদি দাঙি ধৰে গুৱাহাটী লোক সভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই।

প্ৰেছ বিজ্ঞপ্তিৰ যোগেদি তেখেতে কয় যে অসমৰ খিলঞ্জীয়া ভূমি পুত্ৰৰ প্ৰতিবাদৰ আন্দোলন ভৰিৰে মোহাৰি বিজেপি চৰকাৰে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়কখন  গৃহীত কৰাৰ যি অহোপুৰুষাৰ্থ চেষ্টা চলাইছিল তাত বিফল হোৱাৰ পাছতো পুনৰ তেওঁলোকৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ ডাঙৰীয়াই বীৰদৰ্পে ঘোষণা কৰিছিল যে ২০১৯ ত তেওঁলোকৰ চৰকাৰ হ’লে পুনৰ বাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক আনি গৃহীত কৰা হ’ব।

কিন্তু বৰ্তমান সময়ত এই কথা জানিও কেৱল ব্যক্তিগত স্বাৰ্থ আৰু সুবিধাবাদী ৰাজনীতিৰ আশ্ৰয় লৈ অগপৰ শীৰ্ষ নেতৃত্বই কেৱল ক্ষমতাৰ স্বাৰ্থতে যি পুনৰ মিত্ৰতাৰ সিদ্ধান্ত ললে ইয়াৰ পৰা প্ৰমাণিত হ’ল যে তেওঁলোকে কেৱল ক্ষমতাৰ খকতে যিকোনো কাম কৰিব পাৰে।

এই সিদ্ধান্তৰ দ্বাৰা তেওঁলোকে  তৃণমূল পৰ্যায়ৰ নেতা/কৰ্মী সকলক চৰম অপমান কৰাৰ লগতে বিদেশী খেদা আন্দোলনৰ দ্বাৰা আত্মপ্ৰকাশ ঘটা দলটোৰ সকলো আদৰ্শ আৰু গৰিমা ম্লান পেলাইছে। কেৱল ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবেই কেইজনমান নেতাই দলটো ব‍্যক্তিগত সম্পত্তি হিচাপে ব‍্যৱহাৰ কৰিছে।

এতিয়া অসমৰ ৰাইজে কাক বিশ্বাস কৰিব সকলোৰে আজি মুখা খোলা খাইছে। খিলঞ্জীয়াৰ স্বাৰ্থত আজি দলবিলাকৰ চিন্তা কৰিবলৈ যেন সময় নাই। তেওঁলোকক লাগে কেৱল ভোটবেংকৰ ৰাজনীতি।

আমি এই কাৰ্যক তীব্ৰভাৱে বিৰোধিতা কৰি যাম আৰু সদায় খিলঞ্জীয়াৰ স্বাৰ্থত এখন  সুন্দৰ অসম গঢ়াৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰি যাম।

ডাঙৰ ডাঙৰ কথা কোৱা এন পি পিৰ যি দুমুখীয়া স্থিতি দেখিবলৈ পোৱা গল ই সচাঁকৈয়ে চিন্তনীয়। উত্তৰ পূৱত অকলে প্ৰতিদ্বন্দিতা কৰিম বুলি চিঞৰি ফুৰা এন পি পিয়ে আজি ক্ষমতাৰ বাবেই বিজেপিৰে বুজাবুজি কৰি প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত লৈছে। উত্তৰ পূৱৰ বাবে এয়া তেওঁলোকৰ চৰম বিশ্বাসঘাট। আচলতে তেওঁলোক খিলঞ্জীয়াৰ কিমান শ্ৰদ্ধাশীল সেয়া ৰাইজে জানিবলৈ বাকী নাথাকিল।