নিউজ ডেস্ক, সংবাদ ৩৬৫, ১১ ছেপ্টেম্বৰ : যোৱা মাৰ্চমাহত ভাৰতৰ জাতীয় কংগ্ৰেছ দলত ৫ মাহ যোগদান কৰা বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী উৰ্মিলা মাতণ্ডকাৰে দলত্যাগ কৰে । উল্লেখ্য যে যোৱা মাৰ্চ মাহত অনুষ্ঠিত হৈ যোৱা ১৭সংখ্যক লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্ত্বত উৰ্মিলাই যোগদান কৰিছিল কংগ্ৰেছ দলত ।

ক্ষুদ্ৰ স্বাৰ্থজড়িত ৰাজনীতিৰ বাবেই কংগ্ৰেছ দল ত্যাগ কৰা বুলি কৈ উৰ্মিলাই কয়“মুম্বাই কংগ্ৰেছত বৃহত্তৰ লক্ষ্যপূৰণৰ বাবে কাম কৰাৰ সলনি আভ্যন্তৰীণ ক্ষুদ্ৰ স্বাৰ্থপূৰণৰ উদ্দেশ্যে ন্যস্তস্বাৰ্থজড়িত মহলে মোক ব্যৱহাৰ কৰি থকাটো মোৰ ৰাজনৈতিক আৰু সামাজিক অনুভূতিয়ে সমৰ্থন কৰিব নোৱাৰে৷”

তেওঁ লিখিতভাৱে জ্যেষ্ঠ নেতা সঞ্জয় নিৰূপমৰ ঘনিষ্ঠ এচাম দলীয় কৰ্মীৰ বিৰুদ্ধে জনাইছিল যদিও কোনো কাৰ্যব্যৱস্থা নোলোৱাত তেওঁ ক্ষুণ্ণ হয়৷

৪৪বছৰীয়া অভিনেত্ৰীগৰাকীয়ে হৈ যোৱা লোকসভা নিৰ্বাচনত উত্তৰ মুম্বাই সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ।

উৰ্মিলাই দলত্যাগৰ পাছতো সততা আৰু নিষ্ঠাৰে মানুহৰ বাবে কাম কৰি যাব বুলি প্ৰকাশ কৰে৷ লগতে ইমানদিনে তেওঁক সমৰ্থন কৰা লোকসকলৰ প্ৰতি কৃতজ্ঞ বুলি দোহাৰে৷