গুৱাহাটী, ১৭ জানুৱাৰী, ২০২৬ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) ১৭ আৰু ১৮ জানুৱাৰী তাৰিখে পশ্চিম বংগ আৰু অসম ভ্ৰমণ কৰিব। ১৭ জানুৱাৰী তাৰিখে  দুপৰীয়া প্ৰায় ১২:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে মালদাত উপস্থিত হৈ মালদা টাউন ৰে’লৱে ষ্টেচনত হাওড়া আৰু কামাখ্যাৰ মাজৰ ভাৰতৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’লৰ শুভাৰম্ভ কৰিব। তাৰ পিছত প্ৰায় ১:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে মালদাত এক ৰাজহুৱা অনুষ্ঠানত ৩,২৫০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক ৰে’ল আৰু পথ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ৰাষ্ট্ৰৰ উদ্দেশ্যে উৎসৰ্গ কৰিব। ১৮ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটী (কামাখ্যা)-ৰোহতক আৰু ডিব্ৰুগড়-লক্ষ্ণৌ (গোমতী নগৰ)ৰ মাজত চলা দুখন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লকো শুভাৰম্ভ কৰিব। এই নতুন ৰে’ল সেৱাসমূহে উত্তৰ-পূব ভাৰত আৰু উত্তৰ ভাৰতৰ মাজত ৰে’ল যোগাযোগক আৰু অধিক শক্তিশালী কৰি ৰাইজৰ বাবে সুৰক্ষিত আৰু অধিক সুবিধাজনক যাতায়ত সক্ষম কৰি তুলিব।

প্ৰধানমন্ত্ৰীয়ে মালদা ভ্ৰমণ কৰি ৩,২৫০ কোটি টকাতকৈ অধিক মূল্যৰ বিভিন্ন ৰে’ল আৰু বিভিন্ন পথ প্ৰকল্পৰ আন্তঃগাঁথনিমূলক আধাৰশিলা স্থাপন কৰিব যি পশ্চিম বংগ আৰু উত্তৰ-পূৰ্ব্বাঞ্চলত উন্নয়নক গতি প্ৰদান কৰাৰ লগতে যোগাযোগক সমৃদ্ধ কৰিব। প্ৰধানমন্ত্ৰীয়ে মালদা টাউন ৰে’লৱে ষ্টেচনৰ পৰা হাওড়া-গুৱাহাটী (কামাখ্যা) বন্দে ভাৰত শ্লীপাৰ ৰে’লখনৰ শুভাৰম্ভ কৰিব। তেওঁ ভাৰ্চুৱেলী গুৱাহাটী (কামাখ্যা)- হাওড়া বন্দে ভাৰত শ্লীপাৰ ৰে’লৰো শুভাৰম্ভ কৰিব। আধুনিক ভাৰতৰ ক্ৰমবৰ্ধমান পৰিবহণ প্ৰয়োজনীয়তা পূৰণৰ বাবে নিৰ্মিত সম্পূৰ্ণ এয়াৰ-কণ্ডিচনযুক্ত বন্দে ভাৰত শ্লীপাৰ ৰে’লখনে যাত্ৰীসকলক সুলভ ভাৰাত বিমানৰ দৰে ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰিব। ই দীৰ্ঘ দূৰত্বৰ ভ্ৰমণক অধিক দ্ৰুততৰ, সুৰক্ষিত আৰু সুবিধাজনক কৰি তুলিব।

হাওড়া-গুৱাহাটী (কামাখ্যা) ৰুটত প্ৰায় ২.৫ ঘণ্টা সময় হ্ৰাস কৰি ধৰ্মীয় ক্ষেত্ৰসমূহৰ ভ্ৰমণ আৰু পৰ্যটনকো অধিক সৱল কৰি তুলিব। প্ৰধানমন্ত্ৰীয়ে পশ্চিম বংগত চাৰিটা গুৰুত্বপূৰ্ণ ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব, য’ত বালুৰঘাট-হিলি নতুন ৰে’ল পথ, নিউ জলপাইগুড়ীত পৰৱৰ্তী প্ৰজন্মৰ বাবে সামগ্ৰী পৰিবহনত ৰক্ষণাবেক্ষণ সুবিধা, শিলিগুড়ী লোকো শ্বেডৰ উন্নয়ন আৰু জলপাইগুড়ী জিলাত বন্দে ভাৰত ৰে’ল ৰক্ষণাবেক্ষণ সুবিধাৰ আধুনিকীকৰণ অন্তৰ্ভুক্ত আছে। এই প্ৰকল্পসমূহে যাত্ৰী আৰু মাল পৰিবহণক শক্তিশালী কৰি তোলাৰ লগতে, উত্তৰ বংগত মাল সৰবৰাহৰ দক্ষতা বৃদ্ধি কৰিব আৰু অঞ্চলটোত কৰ্মসংস্থাপন সৃষ্টি কৰিব।

প্ৰধানমন্ত্ৰীয়ে নিউ কোচবিহাৰ-বামনহাট আৰু নিউ কোচবিহাৰ-বক্সিৰহাট ৰে’ল পথৰ বৈদ্যুতিকৰণ ৰাষ্ট্ৰৰ উদ্দেশ্যে উৎসৰ্গ কৰিব, যি দ্ৰুততৰ, পৰিষ্কাৰ আৰু শক্তি-দক্ষ ৰে’ল পৰিচালন সম্ভৱ কৰি তুলিব।
প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলী ৪ খন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰেলৰো শুভাৰম্ভ কৰিব, নিউ জলপাইগুড়ী-নাগেৰকইল অমৃত ভাৰত এক্সপ্ৰেছ, নিউ জলপাইগুড়ী-তিৰুচিৰাপল্লী অমৃত ভাৰত এক্সপ্ৰেছ, আলিপুৰদুৱাৰ-এছএমভিটি বেঙ্গালুৰু অমৃত ভাৰত এক্সপ্ৰেছ, আলিপুৰদুৱাৰ-মুম্বাই (পানভেল) অমৃত ভাৰত এক্সপ্ৰেছ। এই সেৱাসমূহে সুলভ আৰু নিৰ্ভৰযোগ্য দীৰ্ঘ দূৰত্বৰ ৰে’ল যোগাযোগ বৃদ্ধি কৰিব।

এই সেৱাসমূহে সাধাৰণ নাগৰিক, ছাত্ৰ-ছাত্ৰী, প্ৰব্ৰজন কৰা শ্ৰমিক আৰু ব্যৱসায়ীসকলৰ গতিবিধিৰো প্ৰয়োজনীতা পূৰণ কৰিব লগতে ৰাজ্যসমূহৰ মাজত অৰ্থনৈতিক আৰু সামাজিক সংযোগ শক্তিশালী কৰি তুলিব। প্ৰধানমন্ত্ৰীয়ে এলএইচবি কোচ যুক্ত দুখন নতুন ৰে’ল সেৱা শুভাৰম্ভ কৰিব, ৰাধিকাপুৰ-এছএমভিটি বেঙ্গালুৰু এক্সপ্ৰেছ, বালুৰঘাট-এছএমভিটি বেঙ্গালুৰু এক্সপ্ৰেছ। এই ৰে’লসমূহে এই অঞ্চলৰ যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰী আৰু আইটি পেছাদাৰীসকলক বেঙ্গালুৰুৰ দৰে প্ৰধান আইটি কেন্দ্ৰ আৰু নিয়োগ কেন্দ্ৰলৈ প্ৰত্যক্ষ, সুৰক্ষিত আৰু আৰামদায়ক যাত্ৰা প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাই পথ- ৩১ডিৰ ধুপগুড়ী-ফালাকাটা খণ্ডৰ চাৰিলেনযুক্ত পুনৰ্বাসন আৰু আধাৰশিলা স্থাপন কৰিব। এই গুৰুত্বপূৰ্ণ পথ প্ৰকল্পই উত্তৰ বংগত যাত্ৰী আৰু মালবস্তুৰ সহজ গতিবিধি সুনিশ্চিত কৰিব।
১৮ জানুৱাৰীত বিয়লি প্ৰায় ৩ বজাত প্ৰধানমন্ত্ৰীয়ে হুগলী জিলাৰ চিংগুৰত প্ৰায় ৮৩০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ কৰিব। এই প্ৰকল্পসমূহে আধুনিক আন্তঃগাঁথনিৰ নিৰ্মাণ আৰু উন্নত যোগাযোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি পূৰ্ব্বাঞ্চল আৰু উত্তৰ-পূৰ্ব্বাঞ্চলৰ অঞ্চলসমূহক ৰাষ্ট্ৰৰ ক্ৰমোন্বতিৰ গুৰুত্বপূৰ্ণ ইঞ্জিন হিচাপে শক্তিশালী কৰি তুলিব।