নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰী, ২০২৬ : কামাখ্যা-হাওৰা ৰে’লপথত চলাচল কৰা বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছে যাত্ৰীসকলৰ পৰা উৎসাহজনক সঁহাৰি লাভ কৰাৰ লগতে যাত্ৰীসকলে (Passenger) এই ভ্ৰমণত যাত্ৰা কৰাৰ সময়ত সন্তুষ্টি আৰু আনন্দ প্ৰকাশ কৰিছে। ভাৰতীয় ৰে’লৱেৰ আধুনিকীকৰণৰ এক ঐতিহাসিক মুহূৰ্ত চিহ্নিত কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ জানুৱাৰী, ২০২৬ তাৰিখে বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছ উদ্বোধন কৰিছিল।

যাত্ৰীসকলে আধুনিক ডিজাইন, বৰ্ধিত আৰাম, উন্নত ভ্ৰমণ অভিজ্ঞতা লগতে উন্নতৰ অনবোৰ্ড সা-সুবিধাৰ প্ৰশংসা কৰি তেওঁলোকৰ যাত্ৰাক অধিক মনোৰম আৰু স্মৰণীয় কৰি তুলিছে। দীৰ্ঘ দূৰত্বৰ ৰে’ল যাত্ৰাৰ ৰূপান্তৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আৰম্ভ কৰা বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছে বিশ্বমানৰ ভ্ৰমণ সুবিধা প্ৰদান কৰাৰ বাবে ভাৰতীয় ৰে’লৱেৰ প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে। কামাখ্যা আৰু হাওৰাৰ মাজত ভ্ৰমণ কৰা যাত্ৰীসকলে এই ৰে’লখনৰ সুগম পৰিচালন, পৰিষ্কাৰ-পৰিচ্ছন্নতা, উন্নত সুৰক্ষা সুবিধা আৰু শ্লীপাৰ-শ্ৰেণীৰ আৰামদায়ক ভ্ৰমণে তেওঁলোকৰ ইতিবাচক ভ্ৰমণ অভিজ্ঞতাৰ মুখ্য কাৰক হিচাপে আলোকপাত কৰিছে।

যাত্ৰীসকলে এই ৰে’লখনত প্ৰথমবাৰৰ বাবে নতুনকৈ প্ৰৱৰ্তন কৰা প্ৰিমিয়াম বেড ৰোলৰ প্ৰশংসা কৰিছে, য’ত চাংগানেৰী প্ৰিণ্টৰ কম্বল কভাৰ আছে, যি আৰামদায়ক, স্বাস্থ্যসন্মত আৰু নান্দনিকভাৱে মনোৰম। যাত্ৰীসকলে ৰে’লখনৰ সময়ানুৱৰ্তিতাৰ প্ৰশংসা কৰিছে যি নিয়মীয়া যাত্ৰাৰ পৰা ১০০ শতাংশ সময়ানুৱৰ্তিতা লাভ কৰিছে। উল্লেখযোগ্যভাৱে ৰে’লখনে বিগত কিছুদিনৰ পৰা ৰে’ল মদদ প্লেটফৰ্মত ধাৰাবাহিকভাৱে শূণ্য অভিযোগ লাভ কৰিবলৈ সক্ষম হৈছে।

যদিও প্ৰাৰম্ভিক দিনবোৰত কেটাৰিং সেৱা সম্পৰ্কে কিছুমান অভিযোগ আছিল, কিন্তু তাৎক্ষণিক সংশোধনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ পিছত আৰু কোনো অভিযোগ প্ৰাপ্ত হোৱা নাই। যাত্ৰীসকলে এতিয়া ভ্ৰমণৰ সময়ত পৰিৱেশন কৰা খাদ্যৰ দৰে উন্নত মানসম্পন্ন আৰু সোৱাদযুক্ত আহাৰক ভূয়সী প্ৰশংসা কৰিছে। ইয়াৰ উপৰিও, যাত্ৰীসকলে ভেষ্টিবিউল শৌচাগাৰৰ পৰিচ্ছন্নতাৰ যথেষ্ট প্ৰশংসা কৰিছে আৰু বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছত নিয়োজিত আতিথ্য কৰা সকলো কৰ্মচাৰীক যাত্ৰীসকলৰ বিনম্ৰ আৰু দক্ষ তত্বাৱধান নিশ্চিত কৰিবলৈ প্ৰণালীবদ্ধভাৱে প্ৰশিক্ষণ দিয়া হৈছে।

এই শুভাৰম্ভণিয়ে বহনক্ষম আৰু সামগ্ৰিক বিকাশৰ প্ৰচাৰৰ লগতে দ্ৰুত, নিৰাপদ আৰু অধিক আৰামদায়ক ৰে’ল যাত্ৰা প্ৰদান কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ দৃষ্টিভংগীকেই প্ৰতিফলিত কৰিছে। ইয়াৰ বৰ্ধিত জনপ্ৰিয়তা আৰু যাত্ৰীৰ ইতিবাচক সহাঁৰিৰ সৈতে, কামাখ্যা-হাওৰা পথত বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছৰ অভিনৱত্ব, উৎকৃষ্টতা আৰু দীৰ্ঘ-দূৰত্বৰ ৰে’লৰ ভৱিষ্যতৰ প্ৰতীক হিচাপে থিয় দিছে।