নিউজ ডেস্ক, ৮ নৱেম্বৰ, ২০২৫ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ নৱেম্বৰ তাৰিখে নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত ৰাষ্ট্ৰীয় সংগীত “বন্দে মাতৰম”ৰ (Vande Mataram) ৰাষ্ট্ৰজোৰা স্মৃতিচৰণ অনুষ্ঠান উদ্বোধন কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এক স্মাৰক ডাকটিকট আৰু মুদ্ৰাও উন্মোচন কৰি ৭ নৱেম্বৰ ২০২৫ ৰ পৰা ২০২৬ চনৰ ৭ নৱেম্বৰলৈ ৰাষ্ট্ৰজোৰা এক বৰ্ষৰ বাবে এই উদযাপনৰ শুভাৰম্ভ কৰে। এই উদযাপনে ভাৰতৰ স্বাধীনতা আন্দোলনক প্ৰেৰণা যোগোৱা আৰু এতিয়াও ৰাষ্ট্ৰৰ হকে গৌৰৱ, ঐক্য আৰু সমৰ্পনক জগাই তোলা এই দেশভক্তিৰ প্ৰতীক (বন্দে মাতৰমৰ) ১৫০ তম বৰ্ষক সন্মানিত কৰে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৰাষ্ট্ৰজোৰা উদযাপনৰ অংশ হিচাপে নিজৰ অধিক্ষেত্ৰৰ অধীনত “বন্দে মাতৰম”ৰ ১৫০ টা বৰ্ষ অতি উৎসাহ আৰু দেশপ্ৰেমৰ উদ্দীপনাৰে উদযাপন কৰে। এই অনুষ্ঠানটো মালিগাঁওস্থিত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ক্ৰীড়া সংস্থাৰ পৰিসৰত আয়োজিত হয়, য’ত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীৱাস্তৱৰ নেতৃত্বৰ লগতে জ্যেষ্ঠ বিষয়াবৰ্গ, ৰে’লৱে কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে বৃহৎ সংখ্যা জনসাধাৰণৰ উপস্থিতিত অংশগ্ৰহণ কৰে। এই উদযাপনে ৰাষ্ট্ৰীয় ঐক্য আৰু শ্ৰদ্ধাৰ গভীৰ অনুভৱ প্ৰতিফলিত কৰি ৰে’লৱে কৰ্মচাৰী, বিদ্যালয়ৰ শিশুসকল আৰু বিভিন্ন সংগঠনৰ সদস্যসকলে একত্ৰিত হৈ “বন্দে মাতৰম”ৰ সম্পূৰ্ণ সংস্কৰণটোত একেলগে কণ্ঠদান কৰে।

তেওঁলোকৰ ঐক্যবদ্ধ কন্ঠধ্বনীয়ে পৰিৱেশটো ভাৰতৰ স্বাধীনতা, দেশভক্তি, একতা সাংস্কৃতিক ঐতিহ্যৰ চেতনাৰ প্ৰতি এক অনুৰণনময় শ্ৰদ্ধাঞ্জলিলৈ ৰূপান্তৰিত কৰে।
উত্তৰ-পূব সীমান্ত ৰে’লৱে (নিৰ্মাণ) সংস্থাৰ মালিগাঁৱৰ মহাপ্ৰৱন্ধক (নিৰ্মাণ) ৰ কাৰ্যালয়ত এই দিনটোৰ অনুষ্ঠানটো উদযাপন কৰা হয়। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ পাঁচটা মণ্ডলত তিনিচুকীয়া, লামডিং, ৰঙিয়া, আলিপুৰদুৱাৰ আৰু কাটিহাৰৰ লগতে গুৰুত্বপূৰ্ণ ৰেলৱে ষ্টেচন, বিদ্যালয় আৰু কাৰ্যালয়সমূহতো এই দিনটো অতি উৎসাহেৰে উদযাপিত হয়। দেশপ্ৰেমমূলক গীত, সাংস্কৃতিক কাৰ্যসূচী আৰু সমাজৰ সক্ৰিয় অংশগ্ৰহণে ৰেলৱে কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ জনগণক একত্ৰিত কৰি জাতীয় একতা আৰু সম্প্ৰীতিৰ অনুভৱ জাগ্ৰত কৰিছিল।

ৰাষ্ট্ৰজুৰি প্ৰায় ৯:৫০ বজাত “বন্দে মাতৰম”ৰ সম্পূৰ্ণ সংস্কৰণৰ গণসংগীত অনুষ্ঠান অনুষ্ঠিত হয়, য’ত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন স্থানত ৰে’লৱে কৰ্মচাৰী, বিদ্যালয়ৰ শিশু আৰু স্থানীয় বাসিন্দাসকলে একত্ৰিত কণ্ঠেৰে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানটোৱে এক ইতিবাচক শক্তি, ঐক্য আৰু গৌৰৱৰ সোঁত সৃষ্টি কৰি প্ৰতিটো অংশগ্ৰহণকাৰীক মাতৃভূমিৰ প্ৰতি অখণ্ড ভক্তিৰ “বন্দে মাতৰম”ৰ সমৰ্পন মনোভাৱৰ অমৰ বাৰ্তাক স্মৰণ কৰাই দিয়ে। ১৮৭৫ চনৰ ৭ নৱেম্বৰ  তাৰিখে অক্ষয় নৱমীৰ দিনা বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ে ৰচনা কৰা আৰু বঙ্গদৰ্শনত তেওঁৰ বিখ্যাত উপন্যাস আনন্দমঠৰ অংশ হিচাপে প্ৰথম প্ৰকাশিত “বন্দে মাতৰম”এ ভাৰতৰ অপ্ৰতিৰোধ্য চেতনা, ঐক্য আৰু আত্মসন্মানৰ প্ৰতীক হিচাপে প্ৰতিধ্বনিত হৈ আছে। ১৫০ তম বাৰ্ষিকীয়ে এক গৌৰৱময় সফলতা চিহ্নিত কৰি সম্প্ৰীতি, দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ আদৰ্শসমূহক পুনৰ দৃঢ়ভাৱে প্ৰতিশ্ৰুতি পুনৰ শক্তিশালী কৰি তোলে।