গুৱাহাটী, ২৭ জানুৱাৰী, ২০২৪ : অৱশেষত মুকলি কৰি দিয়া হ’ল বীৰ লাচিত সেনাৰ (Veer Lachit Sena) ৬ সদস্যক। জালুকবাৰী আৰক্ষীয়ে মুকলি কৰি দিলে বীৰ লাচিত সেনাৰ ৬ সদস্যক। শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বীৰ লাচিত সেনাৰ ৬ জন সদস্যক। এজন লোকক আক্ৰমণ কৰাৰ অভিযোগত জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বীৰ লাচিত সেনাৰ ৬ জন সদস্যক।

শুকুৰবাৰে নিশাৰ ভাগত এজন লোকক আক্ৰমণ কৰাৰ অভিযোগত জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কামৰূপ জিলাৰ বীৰ লাচিত সেনাৰ ৬ জনকৈ সদস্যক। শনিবাৰে বীৰ লাচিত সেনাৰ কামৰূপ জিলা সমিতিৰ মুখ্য সচিব বিকাশ বৰুৱা, তপন কুমাৰ শৰ্মা, ৰবি দিহিঙীয়া, মতিউৰ ৰহমান, মনোজ ডেকা আৰু বিক্ৰান্ত কলিতাক জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও পিছত মুকলি কৰি দিয়ে। শুকুৰবাৰে নিশা কামাখ্যা মন্দিৰৰ পাৰ্কিংত এজন লোকক আক্ৰমণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

অভিযোগ মতে, নিশা কামাখ্যা মন্দিৰৰ পাৰ্কিংত বীৰ লাচিত সেনাৰ সদস্য কেইজনৰ লগত পাৰ্কিং কৰ্মচাৰীৰ সংঘাতৰ সৃষ্টি হৈছিল। ইয়াৰ পিছতে মন্দিৰ পৰিচালনা সমিতিয়ে বীৰ লাচিত সেনাৰ সদস্য কেইজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। মন্দিৰ পৰিচালনা সমিতিৰ এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে বীৰ লাচিত সেনাৰ সদস্য ৬ জনক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, শুকুৰবাৰে নিশাৰ ভাগত মতিউৰ ৰহমানে কামাখ্যা মন্দিৰৰ পাৰ্কিংত ৰাখিছিল আৰু ইয়াৰ পিছতে পাৰ্কিং কৰ্মচাৰীয়ে মতিউৰ ৰহমানক প্ৰহাৰ কৰিছিল। ঘটনাৰ খবৰ পাই বীৰ লাচিত সেনাৰ কেইজনমান সদস্য কামাখ্যা মন্দিৰ পাৰ্কিংত উপস্থিত হয়।

বীৰ লাচিত সেনাৰ সদস্য কেইজন কামাখ্যা মন্দিৰ পাৰ্কিংত উপস্থিত হোৱাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে, বিভিন্ন সময়ত বীৰ লাচিত সেনা বিতৰ্কৰ সোমাই পৰে। বীৰ লাচিত সেনাৰ সদস্য কেইজনে কয় যে বীৰ লাচিত সেনা অসমীয়া জাতিৰ বাবে বিতৰ্কত সোমাই পৰে। অসমীয়াৰ ওপৰত বহিৰাগত লোক আৰু দুষ্কৃতিকাৰীয়ে নিৰ্যাতন চলালে বীৰ লাচিত সেনাই কেতিয়াও হাত সাৱটি বহি নাথাকে। বীৰ লাচিত সেনা সদায় অসমীয়াৰ বাবে আছে আৰু সদায় থাকিব।