নিউজ ডেস্ক, ৫ ডিচেম্বৰ: আপুনি বাৰু চেলিব্ৰিটী সকলৰ কেনেধৰণৰ অনুগামী দেখিছে ? নিজৰ প্ৰিয় চেলিব্ৰিটী গৰাকীৰ বাবে অনুগামী সকলক কোনটো পৰ্যায়ৰলৈকে যোৱা দেখিছে ? আজি আমি আপোনাক এনে এগৰাকী অনুগামী বিষয়ে জনাম, যিয়ে নিজৰ প্ৰিয় চেলিব্ৰিটীগৰাকীৰ দৰে হ’বলৈ নিজৰ মুখমণ্ডলত ৫০টাৰো অধিক অস্ত্ৰোপচাৰ সম্পন্ন কৰিছে। যুৱতীগৰাকীৰ নাম হ’ল সাহাৰ টাবৰ। ১৯ বছৰীয়া টাবৰ হ’ল ইৰাণৰ বাসিন্দা, যি প্ৰখ্যাত অভিনেত্ৰী এঞ্জেলীনা জ’লীৰ অনুগামী। টাবৰে এঞ্জেলীনা জ’লীৰ দৰে হ’বলৈ নিজৰ মুখমণ্ডলত ৫১ টা অস্ত্ৰোপচাৰ আৰু ১০৩ টা কচমেটিক প্ৰক্ৰিয়াত ৩৭৩’০০০ ব্ৰিটিছ পাউণ্ডতকৈয়ো অধিক অৰ্থ ব্যয় কৰিছে। যুৱতী গৰাকীৰ ভাষ‍্য মতে, তেওঁ এঞ্জেলীনা জ’লীৰ দৰে হ’বলৈ যিকোনো পৰ্যায়লৈকে যাবলৈ সাজু আছে । অত্যাধিক অস্ত্ৰোপচাৰ আৰু কচমেটিক প্ৰক্ৰিয়াৰ বাবে বৰ্তমান টাবৰৰ মুখমণ্ডল অদ্ভুদ আকৃতিৰ হৈ পৰিছে, যাৰ ফলত বৰ্তমান সাহাৰ টাবৰ সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।