গুৱাহাটী : অসমত বীমৰ বাবে ভিভোৰ ইনোভিটিৰ লগত অংশীদাৰীকৰণ। স্থানীয় ক্ষুদ্ৰ তথা মজলীয়া মোবাইল ডিলাৰসকলক প্ৰতিটো ইএমআই লেনদেনত অতিৰিক্ত লাভাংশ অৰ্জন কৰাত সহায় কৰাৰ বাবে এক অনন্য অভিযান। আগশাৰীৰ ব্ৰেণ্ডবোৰৰ সৈতে ইয়াৰ শক্তিশালী অংশীদাৰিত্বৰ দ্বাৰা সমৰ্থিত উৎকৃষ্ট প্ৰযুক্তি ব্যৱহাৰ কৰি অনলাইন গ্ৰাহকসকলক খুচুৰা দোকানলৈ ঘূৰাই অনাৰ বাবে ইনোভিটিৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে।

ভাৰতত অফলাইন এণ্টাৰপ্ৰাইজ ব্যৱসায়ীসকলৰ সৰ্ববৃহৎ পৰিশোধ সমাধানৰ সুবিধা প্ৰদানকাৰী আগশাৰীৰ অভিনৱ গোলকীয় স্মাৰ্টফোন ব্ৰেণ্ড আৰু ইনোভিটি পেমেণ্ট চলিউচনছ ভিভোয়ে আজি কৰ্ণাটক অঞ্চলৰ পৰা তেওঁলোকৰ অগ্ৰণী ব্ৰেণ্ড ইএমআই ত্বৰণ মিছন (বি.আই.এম) আঁচনিৰ সফলতা আৰু অসমত ইয়াক আৰম্ভ তেওঁলোকৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰে। ক’ভিড-১৯ মহামাৰীৰ ফলত অফলাইন দোকানসমূহৰ লকডাউনে এছএমবি ব্যৱসায়ৰ অন্য ব্যৱসায়তকৈ অধিক প্ৰভাৱ পেলাইছে। নিৰন্তৰ লকডাউনৰ ফলত গ্ৰাহকসকল অনলাইন ক্ৰয় ব্যৱস্থালৈ স্থানান্তৰিত হৈছে, যাৰ ফলত এছএমবি মোবাইলৰ ব্যৱসায় হ্ৰাস পাইছে।

ইনোভিটিৰ দ্বাৰা এই বছৰৰ আৰম্ভণিতে মুকলি কৰা জি ই এন আই ইয়ে এছএমবি মোবাইল ডিলাৰসকলক ১১০+ বেংকত আকৰ্ষণীয় কেছবেক, ৬০+ ব্ৰেণ্ডেড আৰু আনব্ৰেণ্ডেড সামগ্ৰীৰ ওপৰত শূন্য-ব্যয়ৰ ইএমআই আঁচনি আৰু ব্ৰেণ্ডেড সামগ্ৰীৰ বিক্ৰীত অতিৰিক্ত লাভাংশ অৰ্জন কৰাৰ এক আহিলা বিমৰ সহায়ত গ্ৰাহকসকলক ঘূৰাই অনাৰ সুবিধা প্ৰদান কৰি আহিছে। জি ই এন আই ই, ইনোভিটিৰ স্মাৰ্ট মাৰ্কেটিং প্লেটফৰ্ম ব্যৱহাৰ কৰি শূন্য-ব্যয়ৰ ইএমআইত ব্ৰেণ্ডেড সামগ্ৰী বিক্ৰী কৰি এছএমবি মোবাইল ডিলাৰসকলক অতিৰিক্ত লাভাংশ অৰ্জন কৰাত সহায় কৰাৰ বাবে বীম হৈছে এক অনন্য অভিযান। এই অংশীদাৰিত্বৰ সৈতে এছএমবিসমূহে এই লাভাংশ এতিয়া প্ৰতিটো ভিভো ব্ৰেণ্ডেড সামগ্ৰীৰ ওপৰত অৰ্জন কৰিব পাৰিব।

বীমে মূখ্য সংযোগী ম’বাইল ডিলাৰ সকলক ইনোভিটিৰ জি ই এন আই ই সক্ৰিয় বিপণন এপত আগশাৰীৰ মোবাইল ব্ৰেণ্ডৰ দ্বাৰা পৃষ্ঠপোষকতা লাভ কৰিবলৈ সক্ষম কৰি তোলে। এই অংশীদাৰিত্বৰ অধীনত, ভিভোৰ দ্বাৰা পৃষ্ঠপোষকতা কৰা ডিলাৰে জি ই এন আই ইত ইএমআইত বিক্ৰী কৰা প্ৰতিটো ভিভো ব্ৰেণ্ডেড সামগ্ৰীৰ ওপৰত অতিৰিক্ত ১% লাভাংশ অর্জন কৰিব পাৰে। ই কেৱল ডিলাৰসকলক অতিৰিক্ত লাভাংশ অৰ্জন কৰাত সহায় নকৰে, ই ডিলাৰ আৰু ব্ৰেণ্ডৰ মাজত এক শক্তিশালী সম্পৰ্ক গঢ়ি তোলাতো সহায় কৰে। বীমে ডিলাৰসকলক শূন্য ব্যয়ৰ ইএমআইত বিক্ৰী হোৱা অন্যান্য ম’বাইল ব্ৰেণ্ডত অতিৰিক্ত 0.৫% লাভাংশ অৰ্জন কৰিবলৈ সক্ষম কৰে।

অসমত মূখ্য সংযোগী মোবাইল ডিলাৰ সম্প্ৰদায়ৰ স্বাৰ্থ ৰক্ষা কৰি, যি ভাৰতৰ অনান্য প্ৰান্তৰ সমকক্ষসকলৰ দৰে অনলাইৰ ক্ৰয় বৃদ্ধিৰ বাবে লোকচান সন্মুখীন হৈছে, ইনোভিটিয়ে ৰাজ্যখনৰ নিৰ্বাচিত বিপণীত জি ই এন আই ইৰ আৰম্ভণিৰ পৰিযোজনা আৰম্ভ কৰিছে। কোম্পানীটোৱে আগষ্টৰ মাজভাগৰ ভিতৰত অসমত বীম অফাৰৰ দ্বাৰা চালিত জি.ই.এন.আই.ই.- এক সম্পূৰ্ণ বিকশিত ৰূপত আৰম্ভ কৰাৰ লক্ষ্য ৰাখিছে।