শিবেন্দু বৰা

জুৰীয়া

২৪ জুলাই

জুৰীয়াৰ বৰালিমাৰিত বনৰীয়া গাহৰিৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হৈছে ছয় জনকৈ লোক। দুটি পৰিয়ালৰ বাসগৃহৰ ভিতৰত প্ৰৱেশ কৰি আক্ৰমণ চলালে বনৰীয়া গাহৰিয়ে। আহত লোক সকলক চিকিৎসালয়ৰ বাবে নগাঁও লৈ প্ৰেৰণ।

নগাঁও জিলাৰ জুৰীয়াৰ অন্তৰ্গত বৰালিমাৰিত শুকুৰবাৰে পুৱাৰ ভাগতে সংঘটিত হৈছে এক অঘটন। বৰালিমাৰিত দুটি পৰিয়ালৰ বাসগৃহৰ ভিতৰত বনৰীয়া গাহৰীয়ে প্ৰৱেশ কৰি আক্ৰমণ চলোৱাত ছয় জনকৈ লোক গুৰুত্বৰভাৱে আহত হৈছে। আহত ছয়জন লোকৰ ভিতৰত মোজাহাৰুল ইছলাম, আছাদুল ইছলাম আৰু ছকত আলীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। বনৰীয়া গাহৰিৰ আক্ৰমণত আহত হোৱা লোক সকলক উন্নত চিকিৎসাৰ বাবে নগাঁও লৈ প্ৰেৰন কৰা হৈছে। ঘটনা সন্দৰ্ভত বন বিভাগক খবৰ দিয়া হৈছে যদিও বর্তমানলৈকে ঘটনাস্থলীত বন বিভাগৰ কোনো লোকে উপস্থিত হোৱা নাই বুলিও জানিব পৰা গৈছে।

উল্লেখ্য যে, লাওখোৱা অভয়াৰণ্যৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীৰে প্লাবিত হৈ পৰাত অভয়াৰণ্যখনৰ বন্যপ্ৰাণী সমূহে নিৰাপদ স্থানৰ সন্ধানত কাষৰীয়া গাঁও সমূহলৈ ঢাপলি মেলিছে। বন বিভাগে ইতিমধ্যে লাওখোৱা অভয়াৰণ্যৰ কাষৰীয়া গাঁও সমূহৰ পৰা বহু বন্যপ্ৰাণী উদ্ধাৰ কৰিছে।