গুৱাহাটী : আজি ১২ আগষ্ট। আজিৰ দিনটো বিশ্ববাসীয়ে হস্তী দিৱস হিচাপে পালন কৰে। সমগ্ৰ বিশ্বতে হাতীৰ অস্তিত্বৰ প্ৰতি আহি পৰা সংকটৰ পৰা ইয়াক ৰক্ষা কৰিবলৈ আৰু হাতীৰ সংৰক্ষণ সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ ১২ আগষ্টৰ দিনটোত বিশ্ববাসীয়ে পালন কৰে হস্তী দিৱস। ২০১২ চনত ১২ আগষ্টৰ দিনটোত প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল হস্তী দিৱস। উন্নয়ৰ নামত মানৱ জাতিয়ে প্ৰকৃতিৰ ওপৰত চলাই থকা ধ্বংসযজ্ঞ আৰু দিনক দিনে বনাঞ্চল (Forest) সংকুচিত হোৱাৰ ফলত হাতীৰ অস্তিত্বৰ প্ৰতি আহি পৰিছে ভাবুকি।

উন্নয়ৰ নামত বনাঞ্চল ধ্বংসৰ ভয়াবহ পৰিনাম কেৱল বন্যপ্ৰাণী সমূহে ভোগ কৰিছে তেনে নহয়, মানৱ জাতিৰ ওপৰতো ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে। মানৱ জাতিয়ে চলাই থকা বনাঞ্চল ধ্বংসযজ্ঞৰ ফলত খাদ্য আৰু বাসস্থান সংকটত পৰিছে পৃথিৱীৰ বুকুত থকা আটাইতকৈ বিশাল প্ৰাণী হাতী। খাদ্য আৰু বাসস্থানৰ সংকটত পৰি এতিয়া প্ৰায়ে জনাঞ্চলত প্ৰৱেশ কৰে জাকে জাকে হাতী। ফলত সংঘটিত হয় হাতী আৰু মানুহৰ মাজত সংঘাত। এই সংঘাতৰ ফলত কেতিয়াবা যদি হাতীৰ আক্ৰমণত প্ৰায় হেৰুৱাই মানুহে কেতিয়াবা আকৌ কৰুণ মৃত্যু ঘটে হাতীৰ।

ইয়াৰ সমান্তৰালে হাতীৰ প্ৰতি ভয়াবহ ভাবুকিৰ সৃষ্টি কৰিছে বনাঞ্চলৰ মাজেৰে যোৱা ৰে’ল লাইন সমূহে। দেশৰ কেইবাখনো ৰাজ্যত ৰে’লৰ খুন্দাত হাতীৰ মৃত্যু হোৱা খবৰ প্ৰায়ে বাতৰিৰ শিৰোনামা দখল কৰা পৰিলক্ষিত হয়। ৰে’ল খুন্দাত হাতীৰ মৃত্যু হোৱা ঘটনা অসমতো প্ৰায়ে সংঘটিত হয়। ইতিমধ্যে অসমত বহু হাতীৰে ৰে’লৰ খুন্দাত কৰুণ মৃত্যু ঘটিছে। অসমৰ কেইবাটাও অঞ্চলত প্ৰায়ে ৰে’লৰ খুন্দাত কৰুণ মৃত্যুক আঁকোৱালি লয় হাতীয়ে। ৰে’লৰ খুন্দাৰ পৰা হাতীৰ ৰক্ষা কৰিবলৈ ৰে’ল বিভাগে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে যদিও ৰে’ল দুৰ্ঘটনাৰ পৰা হাতীক ৰক্ষা কৰাৰ ক্ষেত্ৰৰ ৰে’ল বিভাগ সম্পূৰ্ণ সফল হ’ব পৰা নাই। ইয়াৰে মাজতে এই দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত এক বিশেষ পদ্ধতি কিছু সফল হোৱা পৰিলক্ষিত হৈছে।

মৌ মাখিৰ গুঞ্জনৰ শব্দ ব্যৱহাৰ কৰি ৰে’ল বিভাগে ইতিমধ্যে বহু হাতীৰ প্ৰাণ ৰক্ষা কৰিছে। হাতীয়ে মৌ মাখিক ভয় কৰে আৰু ইয়াৰে সুযোগ গ্ৰহণ কৰি ৰে’ল বিভাগে প্ৰাণ ৰক্ষা কৰিছে বহু হাতীৰ। ২০১৬-১৭ চনত ৰে’ল বিভাগে মৌ মাখিৰ গুঞ্জনৰ শব্দ ব্যৱহাৰ কৰি ৰে’ল লাইনৰ পৰা হাতীক খেদি পঠিয়াবলৈ এক বিশেষ পদ্ধতি হাতত লৈছিল। প্ৰথম অৱস্থাত পৰীক্ষামূলকভাৱে এই পদ্ধতি হাতত লৈছিল আৰু আশা কৰা ধৰণে এই পদ্ধতি সফলো হৈছিল। এই ব্যৱস্থাৰ জৰিয়তে বৰ্তমানলৈকে ৰে’ল খুন্দাৰ পৰা কেইবাহাজাৰ হাতীৰ প্ৰাণ ৰক্ষা কৰিছে ৰে’ল বিভাগে। ৰে’ল লাইনত হাতী অহাৰ খবৰ পোৱা মাত্ৰকে মৌ মাখিৰ গুঞ্জনৰ শব্দ বজাই ৰে’ল লাইনৰ পৰা হাতীক খেদি পঠিয়াবলৈ সক্ষম হৈছে ৰে’ল বিভাগ।

অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ দীপৰ বিল হাতীৰ বিভিন্ন প্ৰজাতিৰ দেশী-বিদেশী চৰাইৰ লগতে হাতীৰ বিচৰণস্থলী। দীপৰ বিলৰ কাষেৰে যোৱা ৰে’ল লাইনত কেইবাটাও হাতী ৰে’লৰ খুন্দাত মৃত্যুৰ মুখত পৰিছে। সেয়েহে ৰে’ল বিভাগে প্ৰথম অৱস্থাত দীপৰ বিলৰ কাষেৰে যোৱা ৰে’ল লাইনত মৌ মাখিৰ গুঞ্জনৰ শব্দ ব্যৱহাৰ কৰি ৰে’ল লাইনৰ পৰা হাতীক খেদাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। এইক্ষেত্রত ৰেল বিভাগ সফল হ’বলৈও সক্ষম হৈছে। মৌ মাখিৰ গুঞ্জনৰ শব্দক হাতীয়ে ভয় কৰে আৰু এই গুঞ্জনৰ শব্দ শুনাৰ মাত্ৰকে হাতীয়ে পলায়ন কৰে। এই পদ্ধতি ব্যৱহাৰ কৰি ৰে’ল বিভাগে দীপৰ বিল অঞ্চলত কেইবাটাও বৃহৎ দুৰ্ঘটনা ৰোধ কৰিবলৈ সক্ষম হোৱাৰ লগতে ৰে’লৰ খুন্দাৰ পৰা বহু হাতীৰ প্ৰাণ ৰক্ষা কৰিছে।