বাক্সা, ৮ আগষ্ট, ২০২৪ : ৰাজ্যত পুনৰ সংঘটিত হৈছে বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত। এইবাৰ বনৰীয়া হাতীৰ (Wild Elephant) আক্ৰমণত নিহত এগৰাকী যুৱতী। পাগলাদিয়া নৈৰ সুতি গা ধুবলৈ যোৱা যুৱতী গৰাকীক আক্ৰমণ কৰে এটা দাতাল হাতীয়ে। যুৱতী গৰাকীক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। অঞ্চলটোত দীর্ঘদিন ধৰি বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই আছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি বিৰাজ কৰিছে শোকৰ ছাঁ।

ৰাজ্যৰ কেইবাখনো জিলাত অব্যাহত আছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। বাক্সা আৰু তামুলপুৰ জিলাৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীয়ে নিদ্ৰা হৰণ কৰিছে গঞা ৰাইজৰ। বিশেষকৈ জিলা দুখন ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে। ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত প্ৰতিদিনে বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত সংঘটিত হৈ থকা বুলি কলেও ভুল নহ’ব। এই সংঘাতৰ ফলত ইতিমধ্যে বহু লোক নিহত হোৱাৰ সমান্তৰালে প্ৰাণ হেৰুৱাইছে কেইবাটাও বনৰীয়া হাতীয়ে।

পুনৰবাৰ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সুৱনখাটা সুন্দৰিপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় এগৰাকী যুৱতী। বৃহস্পতিবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই শোকাবহ ঘটনা। জানিব পৰা মতে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সুৱনখাটা সুন্দৰিপাৰাৰ গীতিকা তালুকদাৰ নামৰ এগৰাকী যুৱতী বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয়। পুৱাৰ ভাগত গীতিকা তালুকদাৰ নামৰ যুৱতী গৰাকী পাগলাদিয়া নৈৰ সুতিত গা ধুবলৈ গৈছে। সেই সময়তে এটা প্ৰকাণ্ড দাতাল হাতী যুৱতী গৰাকীক আক্ৰমণ কৰে। বনৰীয়া হাতীৰ আক্ৰমণত যুৱতী গৰাকী থিতাতে নিহত হয়।

যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে বনৰীয়া হাতীৰ চিঞৰ শুনি ঘৰৰ পৰা ওলাই আহে। পিছত পাগলাদিয়া নৈৰ সুতিত পৰিয়ালৰ লোকে গীতিকা তালুকদাৰক পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। পৰিয়ালৰ লোকে গীতিকা তালুকদাৰক উদ্ধাৰ কৰি সুৱনখাটা ৰাজ্যিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকৰে গীতিকা তালুকদাৰ নামৰ যুৱতী গৰাকীক মৃত বুলি ঘোষণা কৰে। যুৱতী গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰা হৈছে।

ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। বন বিভাগৰ লোক মৃত যুৱতী গৰাকীৰ পৰিয়ালৰো খবৰ লৈছে। দাতাল হাতীটো খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহিছিল। উল্লেখ্য যে কিছুদিন পূৰ্বে তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ কুমাৰীকাটাত বনৰীয়া হাতীৰ জাকৰ আক্ৰমণত নিহত হৈছিল ধনীৰাম নাৰ্জাৰী নামৰ এজন লোক। আনহাতে আহত হৈছিল হৈছিল সুনিলে বসুমতাৰী নামৰ আন এজন লোক।