ডুমডুমা, ২০ নৱেম্বৰ, ২০২৩ : পথাৰৰ ধান ৰক্ষা কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে এজন যুৱকে। নিশা বনৰীয়া হাতীৰ পৰা পথাৰৰ ধান ৰক্ষা কৰিবলৈ টঙি ঘৰত থাকি ধাননি পথাৰ পহৰা দি থকা যুৱকজন বনাৰীয়া হাতীৰ আক্ৰমণত নিহত হয় (Wild Elephant Killed One)। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি বিৰাজ কৰিছে শোকৰ ছাঁ। স্থানীয় ৰাইজে নিহত যুৱকজনৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ বন বিভাগ তথা চৰকাৰক দাবী জনাইছে। বিগত কেইবাদিন ধৰি অঞ্চলটোত বনৰীয়া হাতীৰ এটা জাকে উপদ্ৰৱ চলাই আছে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিনক দিনে ভয়াবহ ৰূপ ধাৰণ কৰিছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। প্ৰতিদিনে বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হৈ থকা বুলি কলেও ভুল নহ’ব। দ্ৰুত গতিত বনাঞ্চল ধ্বংসৰ বাবেই বনৰীয়া হাতী আৰু মানুহৰ মাজৰ সংঘাত বৃদ্ধি পাইছে। নামনি অসমৰ লগতে উজনিৰ অসমৰ কেইবাখনো জিলাত প্ৰতিদিনে বনৰীয়া হাতীৰ জাক বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাস চলাই থকা দেখিবলৈ পোৱা যায়। বিশেষকৈ নামনি অসমৰ গোৱালপাৰা জিলাৰ লগতে উজনি অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে বনৰীয়া হাতীৰ জাক বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাস চলাই থকাৰ বাতৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে।

বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি বনৰীয়া হাতীৰ জাকে কেৱল পথাৰৰ ধান খাই তহিলং কৰাই নহয় মানুহক আক্ৰমণত কৰি সন্ত্ৰাস চলাই আছে। ইতিমধ্যে বনৰীয়া হাতীৰ আক্ৰমণত বহু লোকৰ মৃত্যু হৈছে। পুনৰবাৰ বনৰীয়া হাতীৰ জাকে প্ৰাণ কাঢ়ি নিলে এজন যুৱকৰ। এই শোকাবহ ঘটনা সংঘটিত হৈছে তিনিচুকীয়া জিলাত। তিনিচুকীয়া জিলাৰ ডুমডুমাৰৰ কাকজানত বনৰীয়া হাতীৰ জাকৰ আক্ৰমণত কৰুণ মৃত্যু ঘটিছে এজন যুৱকৰ। বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হোৱা যুৱকজনৰ নাম অমিত তাঁ‌তী বুলি জানিব পৰা গৈছে। দেওবাৰে নিশাৰ ভাগত অমিত তাঁ‌তী নামৰ যুৱকজন ধাননি পথাৰত পহৰা দি থকা অৱস্থাত বনৰীয়া হাতীৰ জাকে যুৱকজনক আক্ৰমণ কৰাত থিতাতে যুৱকজনৰ মৃত্যু হয়।

বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে ধাননি পথাৰত প্ৰৱেশ কৰি পথাৰৰ ধান খাই তহিলং কৰিব বুলি যুৱকজনে পথাৰৰ মাজত টঙি ঘৰ সাজি নিশা পহৰা দি থকা অৱস্থাত ডিগবৈ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ এটা বৃহৎ জাকে যুৱকজনক আক্ৰমণ কৰে। বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণত থিতাতে নিহত হয় অমিত তাঁ‌তী নামৰ যুৱকজন। বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হোৱা যুৱকজনৰ পৰিয়ালৰ লোকক উচিত ক্ষতিপূৰণ দিবলৈ স্থানীয় ৰাইজেৰ লগতে নিহত যুৱকজনৰ পৰিয়ালৰ লোকে বন বিভাগ তথা চৰকাৰক দাবী জনাইছে।

উল্লেখ্য যে অঞ্চলটোত বিগত কিছুদিন ধৰি বনৰীয়া হাতীৰ এটা বৃহৎ জাক বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই আছে। ডুমডুমা কাকজান অঞ্চলত সঘনাই হৈ থকা হাতী আৰু মানুহৰ সংঘাত ৰোধ কৰিবলৈ বন বিভাগক স্থানীয় ৰাইজে দাবী জনাইছে। তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলৰ লগতে নামনি অসমৰ গোৱালপাৰা জিলাত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ভয়াবকভাৱে বৃদ্ধি পাইছে। দুদিনপূর্বে নিজৰ ৰবৰ বাগানত ৰবৰ কাটিবলৈ গৈ থকা অৱস্থাত এজন প্ৰাক্তন সেনা জোৱান বনৰীয়া হাতীৰ আক্ৰমণত নিহত।হৈছিল।