কলিয়াবৰ, ২০ ডিচেম্বৰ, ২০২৩ : পুনৰ বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত। পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এজন লোক (Wild Elephant Killed One)। কৰ্মস্থলীৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় লোকজন। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি বিৰাজ কৰিছে শোকৰ ছাঁ। বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ৰোধৰ ক্ষেত্ৰত বন বিভাগ সম্পূৰ্ণৰূপে বিফল হোৱাৰ অভিযোগ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিনক দিনে ভয়াবহ ৰূপ ধাৰণ কৰিছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। প্ৰতিদিনে বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হৈ থকা বুলি কলেও ভুল নহ’ব। দ্ৰুত গতিত বনাঞ্চল ধ্বংসৰ বাবেই বনৰীয়া হাতী আৰু মানুহৰ মাজৰ সংঘাত বৃদ্ধি পাইছে। নামনি অসমৰ লগতে উজনিৰ অসমৰ কেইবাখনো জিলাত প্ৰতিদিনে বনৰীয়া হাতীৰ জাক বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাস চলাই থকা দেখিবলৈ পোৱা যায়। বনৰীয়া হাতী আৰু মানুহৰ এই সংঘাতৰ ফলত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে বহু লোকে।

পুনৰ ৰাজ্যত সংঘটিত হৈছে বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত। এইবাৰ কলিয়াবৰত বনৰীয়া হাতীৰ জাকৰ উপদ্ৰৱ। কলিয়াবৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে এজন লোক। কলিয়াবৰৰ তেতুলিগুৰিত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হৈছে এজন লোকৰ। নিহত লোকজন সঞ্জয় ৰাজোৱাৰ বুলি জানিব পৰা গৈছে। বুধবাৰে পুৱাৰ ভাগত বনৰীয়া হাতীৰ আক্ৰমণত সঞ্জয় ৰাজোৱাৰ নামৰ লোকজন নিহত হয়। কৰ্মস্থলীৰ পৰা নিজ ঘৰলৈ উভতি আহি থকা অৱস্থাত বনৰীয়া হাতীয়ে আক্ৰমণ কৰে সঞ্জয় ৰাজোৱাৰ নামৰ লোকজনক। ফলত থিতাতে নিহত হয় সঞ্জয় ৰাজোৱাৰ।

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছিল বনৰীয়া হাতী। বনৰীয়া হাতীৰ আক্ৰমণত সঞ্জয় ৰাজোৱাৰ নামৰ লোকজনৰ কৰুণ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। ঘটনাস্থলীত বন বিভাগ আৰু আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে। বনৰীয়া হাতী আৰু মানুহৰ মাজৰ সংঘাত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বন বিভাগ সম্পূৰ্ণৰূপে বিফল হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।

উল্লেখ্য যে, নামনি অসমৰ গোৱালপাৰা জিলাত বনৰীয়া হাতী আৰু মানুহৰ মাজত হোৱা সংঘাতৰ ফলত কেইবাজনো লোক নিহত হৈছে। কিছুদিন পূৰ্বে শোণিতপুৰ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী দয়ালপুৰৰ ২ নং বালিটিকাত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা এটা বৃহৎ বনৰীয়া হাতীৰ জাকৰ আক্ৰমণত এজন লোক নিহত হৈছিল। ঘৰৰ ভিতৰত শুই থকা অৱস্থাত লোকজনক আক্ৰমণ কৰিছিল বনৰীয়া হাতীৰ জাকটোৱে।