গোলাঘাট, সংবাদ ৩৬৫, ৩ ডিচেম্বৰ : বনৰীয়া হাতীৰ উপদ্ৰপত উজাগৰী নিশা গোলাঘাটীয়া ৰাইজৰ । নুমলীগড়ৰ কাষৰীয়া অঞ্চলৰ ৰাইজে ফলঙনীত সোমবাৰে বনৰীয়া হাতীৰ উপদ্ৰৱৰ ফলত উজাগৰী নিশা পাৰ কৰিবলগীয়া হয়।

প্ৰায় ৮০ জনীয়া বনৰীয়া হাতীৰ এটা জাকে অঞ্চলটোত প্ৰৱেশ কৰি পথাৰৰ ধান আদি খাই তহিলং কৰে । ইয়াৰোপৰি জানিব পৰা অনুসৰি ফলঙনীৰ কৰতিপাৰা, ৩নং ফলঙনী অঞ্চলৰ নাহৰবাৰী, কৌৱানীৰ লগতে কেইবাটাও অঞ্চলত বনৰীয়া হাতীৰ জাকটোৱে ওৰে নিশা উপদ্ৰপ চলাই ।

ফলঙনীৰ পাছত নাহৰবাৰী চাহ বাগানত হাতীৰ জাকটো প্ৰৱেশ কৰে আৰু বাতৰি লিখা পৰলৈকে হাতীৰ জাকটো বাগানতে আৱদ্ধ হৈ থাকে ।

ইফালে এই হাতীৰ জাকটোক খেদি পঠিয়াবলৈ বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা নকৰাৰ অভিযোগ তোলে স্থানীয় ৰাইজে ।

এনেদৰে খাদ্যৰ সন্ধানত প্ৰায়ে বনৰীয়া হাতীৰ যাক অৰণ্যৰ পৰা মানুহৰ বসতি স্থানলৈ ওলাই অহা পৰিলক্ষিত হয় ।