কোকৰাঝাৰ, ১৩ নৱেম্বৰ, ২০২৩ : পুনৰ ডাইনীকাণ্ডৰ ঘটনা। ডাইনীৰ সন্দেহত পুনৰ এগৰাকী মহিলাক নৃশংসভাৱে হত্যা। ইতিমধ্যে এই হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত লোকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ডাইনীৰ সন্দেহত সংঘটিত হোৱা এই নৃশংস হত্যাকাণ্ডকলৈ মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া (Dibyajyoti Saikia)।
এতিয়াও অন্ধবিশ্বাসৰ কবলৰ পৰা মুক্ত হোৱা নাই একাংশ লোক। এতিয়াও অন্ধবিশ্বাসৰ কবলত পৰি ডাইনীৰ নামত নিৰীহ লোকক হত্যা কৰি থকা হৈছে। ৰাজ্যত পুনৰবাৰ ডাইনী সজাই হত্যা কৰা হ’ল এগৰাকী নিৰীহ মহিলাক। কোকৰাঝাৰ জিলাৰ
গোসাঁইগাঁৱত সংঘটিত হৈছে এই অমাৱনীয়া ঘটনা। ডাইনীৰ নামত হত্যা কৰা হৈছে এগৰাকী নিৰীহ মহিলাক। গোসাঁইগাঁৱৰ তুলসীবিল থানাৰ অন্তৰ্গত ভোগঝৰা সহৰপুৰ গাঁৱত সংঘটিত হৈছে ডাইনীৰ নামত এই নৃশংস হত্যাকাণ্ড।
মাৰ্ছিলা মুৰ্মূ নামৰ এগৰাকী নিৰীহ মহিলা ডাইনী নামত নৃশংস হত্যাৰ বলি হৈছে। জানিব পৰা মতে, এই হত্যাৰ সৈতে জড়িত লোকজনক ইতিমধ্যে ৰাইজে আটক কৰি আৰক্ষীক গতাই দিছে।অভিযুক্তজন ২ নম্বৰ ফুলকুমাৰী গাঁৱৰ লক্ষ্ণ টুডু বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা চলাওঁতে লক্ষ্ণ টুডুৱে মাৰ্ছিলা মুৰ্মূ নামৰ মহিলা গৰাকীক ডাইনীৰ সন্দেহত হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে।
অভিযুক্ত লক্ষ্ণ টুডুৱে মহিলাগৰাকীৰ সৈতে একেলগে সুৰাপান কৰি মহিলা গৰাকীক হত্যা কৰিছিল বুলি জানিব পৰা গৈছে। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। ইফালে ডাইনীৰ নামত সংঘটিত হোৱা এই নৃশংস হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ আগশাৰীৰ অন্ধবিশ্বাস বিৰোধী নেতা, অসমৰ অন্ধবিশ্বাস তথা ডাইনীকাণ্ড প্রতিৰোধী আইনৰ অন্যতম হোতা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই।
ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে পূৰ্ববৰ তুলনাত অসমত ডাইনীৰ নামত হত্যা যথেষ্ট পৰিমাণে হ্ৰাস পাইছে যদিও এতিয়াও এনে ঘটনা সংঘটিত হৈ থকাটো অতিকৈ দুৰ্ভাগ্যজনক। প্ৰকৃত গুণগত শিক্ষাৰ অভাৱৰ লগতে চৰকাৰে উপযুক্ত সজাগতা কাৰ্যসূচী ৰূপায়ণ নকৰাৰ ফলত এতিয়াও এনে বিক্ষিপ্ত ঘটনা সংঘটিত হৈ আছে বুলি ডঃ দিব্যজ্যোতি শইকীয়াই উল্লেখ কৰে। ডাইনীৰ নামত এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰা দোষীক বিচাৰি আইনী প্ৰক্ৰিয়াৰে শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিবলৈ তেওঁ চৰকাৰ তথা স্থানীয় প্ৰশাসনক দাবী জনায়।