মাৰ্ঘেৰিটাৰ, ৩০ ডিচেম্বৰ, ২০২৩ : ভয়ংকৰ পথ দুর্ঘটনা। প্রাতঃভ্রমণলৈ ওলাই অহা মহিলাৰ চাইকেলত খুন্দা বলেৰ বাহনৰ। বলেৰ বাহনৰ খুন্দাত থিতাতে নিহত মহিলা গৰাকী (Woman Killed in Road Accident)। দুৰ্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। দুর্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি বিৰাজ কৰিছে শোকৰ ছাঁ। শনিবাৰে পুৱাৰ ভাগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা কেইবাটাও পথ দুর্ঘটনাত প্ৰাণ হেৰুৱাইছে কেইবাজনো লোকে।

প্রাতঃভ্রমণলৈ ওলাই অহা এগৰাকী মহিলাৰ কৰুণ মৃত্যু। চেইকেল চলাই প্রাতঃভ্রমণলৈ ওলাই অহা মহিলা গৰাকীৰ চাইকেলত প্ৰচণ্ড জোৰে খুন্দা মাৰিলে এখন তীব্ৰ বেগী বলেৰ পিক আপ বাহনে। ফলত থিতাতে নিহত হয় মহিলা গৰাকী। এই ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত। শনিবাৰে পুৱা ৫.৩০ মান বজাত মাৰ্ঘেৰিটাৰ ১ নং মাকুম পথাৰত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।

মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত ১ নং মাকুম পথাৰত এএছ-৩২-চি-০২৫৫ নম্বৰৰ বলেৰ পিক আপ বাহনে প্রাতঃভ্রমণত চাইকেল চলাই থকা এগৰাকী মহিলাক প্ৰচণ্ড জোৰে খুন্দা মৰাত মহিলা গৰাকী থিতাতে নিহত হয়। তীব্ৰ বেগী বলেৰ পিক আপ বাহনখনে পথৰ কাষত থকা কেইবাখনো দোকান মহতিয়াই নি চাইকেল চলাই থকা মহিলা গৰাকীক খুন্দা মাৰে। ইয়াৰ পিছতে নিয়ন্ত্ৰণ হেৰুৱাই বলেৰ পিক আপ বাহনখনে এজন লোকৰ গেৰেজত ভাঙি গেৰেজত থকা এখন আই টেন’ বাহনতো খুন্দা মাৰে। ফলত বাহনখনৰ বিস্তৰ ক্ষতি সাধন হয়।

বলেৰ পিক আপ বাহনখনৰ খুন্দাত থিতাতে নিহত হোৱা মহিলা গৰাকী মাৰ্ঘেৰিটাৰ জয়ানগৰ নিৱাসী ৩৫ বছৰীয়া বন্তি চিংফৌ চিৰিং বুলি জানিব পৰা গৈছে। নিহত বন্তি চিংফৌ চিৰিং মাৰ্ঘেৰিটাৰ যুৱ ব্যৱসায়ী অনুপ চিৰিংৰ পত্নী। দুৰ্ঘটনাৰ খবৰ পাই দুর্ঘটনাস্থলীত মাৰ্ঘেৰিটা থানাৰ আৰক্ষী উপস্থিত হৈ নিহত মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। এই ভয়ংকৰ পথ দুর্ঘটনাত বন্তি চিংফৌ চিৰিং নামৰ মহিলা গৰাকীৰ মৃত্যু হোৱা ঘটনাই।অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

উল্লেখ্য যে, শনিবাৰে পুৱাৰ ভাগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংহতটি হোৱা কেইবাটাও পথ দুর্ঘটনাত কেইবাজনো লোক নিহত হৈছে। নগাঁও জিলাৰ চামগুৰিৰ কদমগুৰিত এখন ট্ৰেক্টৰ আৰু বাইকৰ মাজত হোৱা মুখামুখি সংঘর্ষত এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে আহত হৈছে আন এজন যুৱক। কামৰূপ জিলাৰ বকোৰ শিংৰা শালনীত দুখন বাইকৰ মাজত হোৱা সংঘর্ষত নিহত হৈছে দুজনকৈ লোক। নিহত লোক দুজন ৰূপজ্যোতি বড়ো আৰু জয়দেৱ ৰাভা বুলি জানিব পৰা গৈছে।