নিউজ ডেস্ক, সংবাদ ৩৬৫, ৮ জুন : সমগ্ৰ সমাজকে লজ্জানত কৰা এক ঘটনা । উলংগ হৈ নৃত্য প্ৰদৰ্শন কৰিবলৈ শিল্পীৰ দলক হেঁচা দৰ্শকৰ। ছয়গাঁৱৰ আঁচলপাৰাত সংঘটিত হৈছে এই ঘটনা।
উল্লেখযোগ্য যে ঈদ উপলক্ষে ছয়গাঁৱৰ আঁচলপাৰাত আয়োজন কৰা হৈছিল সাংস্কৃতিক অনুষ্ঠানৰ । অনুষ্ঠানটোৰ বাবে
আমন্ত্ৰণ জনোৱা হৈছিল কেইবাটাও শিল্পী দলক । ইয়াৰে ভিতৰত আছিল মহিলা শিল্পীও।
অনুষ্ঠানত শিল্পী দলক নগ্ন হৈ নৃত্য প্ৰদৰ্শন কৰিবলৈ হেঁচা প্ৰয়োগ কৰে দৰ্শকে। ক্ৰমাৎ উত্তেজিত হৈ পৰা দৰ্শকৰ একাংশই অত্যাচাৰ চলালে মহিলা শিল্পীৰ ওপৰত । লগতে নগ্ন নৃত্য প্ৰদৰ্শন নকৰিলে হত্যা কৰাৰো ভাবুকি পৰিদৰ্শন কৰে।
উত্তেজিত দৰ্শকৰ মাজত অসহায় হৈ পৰা শিল্পীৰ দলে কোনোমতে দৌৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰি পুৱতি নিশা বকো থানাত আশ্ৰয় লয় । পাছত নিশাই ঘটনাস্থলীত উপস্থিত হয় জোৰশিমলুৰ আৰক্ষী। সম্প্ৰতি ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।