গুৱাহাটী, সংবাদ ৩৬৫, ২ ডিচেম্বৰ : সমগ্ৰ বিশ্বতে ১৯৮৮ চনৰ পৰা প্ৰতিবছৰে ডিচেম্বৰ মাহৰ এক তাৰিখ ‘বিশ্ব এইডছ দিৱস’ পালন কৰি অহা হৈছে।

সমগ্ৰ বিশ্বতে এই ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিবলৈ মানুহৰ মাজত সজাগতা বৃদ্ধি কৰাটোৱেই এই দিৱসৰ তাৎপৰ্য। সেয়ে, প্ৰতিবছৰে এইডছ দিৱসৰ আলম লৈ কেতবোৰ এইডছ সচেতনতা অভিযান চলোৱা হয়।

১৯৮১ চনত আমেৰিকাৰ লচ এঞ্জেলচত যেতিয়া পোন-প্ৰথমে এইডছ ৰোগী চিনাক্ত কৰা হৈছিল আৰু তাৰ কিছুবছৰ পিছলৈকে এই ৰোগ কেৱল পুৰুষৰ মাজতে আৱদ্ধ থকাটো লক্ষ্য কৰা হৈছিল।

কিন্তু বৰ্তমান ইউ এন এ আই ডিৰ সমীক্ষা মতে, এইচ.আই.ভি./এইডছ আক্ৰান্তসকলৰ প্ৰায় পঞ্চাছ শতাংশই মহিলা।

বিশ্ব এইডছ দিৱস উপলক্ষে গুৱাহাটী আয়ুৰ্বেদিক কলেজে এক ৰেলিৰ আয়োজন কৰে আৰু ডঃ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ সন্মুখত এখন বাটৰ নাটৰ আয়োজন কৰে । এই অনুষ্ঠানত অংশগ্ৰহণ লয় ডঃ অনিল শৰ্মাই।