গুৱাহাটী, ৫ জুন, ২০২৪ : সমগ্ৰ অংশীদাৰৰ অংশগ্ৰহণেৰে প্ৰকৃতি সুৰক্ষাৰ বাবে ইতিবাচক পাৰিপাৰ্শ্বিক পদক্ষেপ আৰম্ভ কৰাৰ লক্ষ্যৰে বিশ্বজুৰি সজাগতা সৃষ্টি কৰিবলৈ প্ৰতি বছৰে ৫ জুনত বিশ্ব পৰিৱেশ দিৱস (World Environment Day) পালন কৰা হয়। এই বছৰ সমগ্ৰ উত্তৰ পূব সীমান্ত ৰে’লৱেত বৃক্ষ, উৰ্বৰ ভূমি আৰু এক সুগঠিত গ্ৰহৰ বাবে অত্যাৱশ্যকীয় পৰিষ্কাৰ পানীৰ ওপৰত গুৰুত্ব দি ‘ভূমি পুনৰুদ্ধাৰ, মৰুভূমি আৰু খৰাং প্ৰতিৰোধকৰণ’ বিষয়বস্তুৰ সৈতে সংগতি ৰাখি “বিশ্ব পৰিৱেশ দিৱস” পালন কৰা হয়। এই উপলক্ষে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে মালিগাঁৱৰ কামাখ্যা কোচিং ডিপোত ১০০ কেএলডি (কিলোলিটাৰ) ক্ষমতাৰ নৰ্দমা শোধন প্ৰকল্প (এছটিপি) আৰু জৈৱ-শৌচালয় পৰীক্ষাগাৰ উদ্বোধন কৰে।

এই অনুষ্ঠানটোত মুখ্য কাৰ্যালয়ৰ জ্যেষ্ঠ ৰে’লৱে বিষয়াবৰ্গও উপস্থিত আছিল। ৰে’লৱে বিষয়াবৰ্গৰ অংশগ্ৰহণেৰে মুখ্য কাৰ্যালয় আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ পাঁচোটা মণ্ডলতে অন্যান্য বিভিন্ন সজাগতা অভিযানৰ লগতে বৃক্ষৰোপণ কাৰ্যসূচী পালন কৰা হয়। মুখ্য কাৰ্যালয়ত অনুষ্ঠিত অনুষ্ঠানটোত মহাপ্ৰৱন্ধকৰ দ্বাৰা পৰিৱেশ আৰু হাউচকিপিং মেনেজমেণ্ট পদক্ষেপসমূহৰ ওপৰত এখন পুস্তিকা উন্মোচন কৰে। বৰ্ধিত নগৰীকৰণৰ বাবে, কঠিন আৱৰ্জনাৰ ব্যৱস্থাপনা এক প্ৰত্যাহ্বান হৈ পৰিছে। সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ, ভাৰত চৰকাৰে নিয়মাৱলী ২০১৬ বৰ্ষত কঠিন আৱৰ্জনা ব্যৱস্থাপনা আইন প্ৰস্তুত কৰিছিল।

উত্তৰ পূব সীমান্ত ৰে’লৱেই নিউ বঙাইগাঁও ৱৰ্কশ্বপ, ডিব্ৰুগড় ৱৰ্কশ্বপ, কামাখ্যা ডিপোত মেকানাইজড লণ্ড্ৰী, মালিগাঁৱৰ পূব গোটানগৰ আৰু গুৱাহাটী ষ্টেচনত বায়ো-ডাইজেষ্টাৰ প্লান্ট, মালিগাঁওৰ কেন্দ্ৰীয় চিকিৎসালয়ত বায়ো-মেথানেচন প্লান্ট ইনচিনাৰেটৰ স্থাপন আৰু কমিছনিং কৰাকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মহাপ্ৰৱন্ধকে কয় যে পৰিৱেশৰ ওপৰত প্ৰতিকূল প্ৰভাৱ হ্ৰাস কৰিবলৈ উত্তৰ পূব সীমান্ত ৰে’লৱেই সকলো ক্ষেত্ৰতে একাধিক পদক্ষেপ গ্ৰহণ কৰি আহিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই মুখ্যতঃ উত্তৰ-পূৰ্ব্বাঞ্চলৰ পাৰিপাৰ্শ্বিকভাৱে সংবেদনশীল অঞ্চলসমূহত কাম কৰি আহিছে। মহাপ্ৰৱন্ধকে লগতে উল্লেখ কৰে যে এই দিশত ট্ৰেকৰ কাষত সেউজ বেল্ট সংৰক্ষণ, বনানীকৰণ, পানী সংৰক্ষণ, গোটা আৱৰ্জনা ব্যৱস্থাপনা, কাৰ্বন ডাইড-অক্সাইড নিৰ্গমন হ্ৰাস কৰাৰ বাবে ৰে’লৱে বৈদ্যুতিকৰণ, এলইডি লাইট ব্যৱহাৰ কৰি শক্তি সংৰক্ষণ, নৱীকৰণযোগ্য শক্তিৰ বাবে পদক্ষেপ, সৌৰ শক্তি ব্যৱহাৰ, ৰোলিং ষ্টকৰ পৰা অবিৰত প্ৰবাহেৰে জৈৱ-অনুকূল ভাৱে বৰ্জ্য নিষ্কাশন আৰু  অন্যান্য বিভিন্ন পৰিৱেশ হিতৈষী ব্যৱস্থা এই দিশত গ্ৰহণ কৰা হয়।

এনএফআৰডব্লিউডব্লিউঅ’ (উত্তৰ-পূব সীমান্ত ৰে’লৱে মহিলা কল্যাণ সংস্থা) ইও বিভিন্ন স্থানত গছপুলি ৰোপণ কৰি আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাঙ্কণ প্ৰতিযোগিতাৰ আয়োজন কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰে। উত্তৰ পূব সীমান্ত ৰে’লৱেই ৰাষ্ট্ৰৰ বিকাশৰ প্ৰয়াসত উত্তৰ-পূব ভাৰতৰ বহনক্ষম উন্নয়নৰ হকে অংশীদাৰ হোৱাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে। ভাৰতীয় ৰে’লপথ হৈছে গণ পৰিবহনৰ আটাইতকৈ পৰিৱেশ অনুকূল বহনক্ষম মাধ্যম। ‘ভূমি পুনৰুদ্ধাৰ, মৰুভূমি আৰু খৰাং প্ৰতিৰোধকৰণ’ বিষয়বস্তুৰ সৈতে সংগতি ৰাখি ৰে’লৱেই গ্ৰহণ কৰা পদক্ষেপসমূহৰ পৰিণামস্বৰূপে উৰ্ব্বৰ ভূমি পুনঃপ্ৰাপ্তকৰণ, মৰূভূমি বৃদ্ধি হোৱাৰ পৰা সুৰক্ষিতকৰণ আৰু পানীৰ নাটনি সমস্যাৰ সমাধান কৰা হ’ব।