গুৱাহাটী, ১০ অক্টোবৰ : প্ৰত্যেক বছৰৰ অক্টোবৰ মাহৰ দ্বিতীয়টো বৃহস্পতিবাৰে বিশ্বজুৰি উদযাপন কৰা হয় ৱৰ্ল্ড চাইত দে।

এই সজাগতা মূলক ৰেলিৰ মূল উদ্দেশ্য হৈছে চকুৰ ৰোগৰ পৰা হ’ব পৰা বিভিন্ন ৰোগৰ ওপৰত সজাগতাৰ সৃষ্টি কৰা।

ৱৰ্ল্ড চাইত ডে উপলক্ষে মহানগৰীৰ বেলতলাস্থিত শংকৰদেৱ নেত্ৰালয়ত ৱৰ্ল্ড চাইত দেৰ এক সজাগতামূলক ৰেলি আয়োজন কৰা হয়। এই অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে সন্তৰবিদ এলভিছ আলি হাজৰিকাই।

উল্লেখযোগ্য যে সমগ্র ভাৰতত ৫৪ মিলিয়ন লোকৰ দৃষ্টিশক্তি কম হোৱাৰ লগতে ৮ মিলিয়ন অন্ধ লোক আছে। অৰ্থাৎ ৬২ মিলিয়ন লোকেই অন্ধত্বৰ জীৱন অতিবাহিত কৰি আছে।